মনোনয়ন পত্ৰ দাখিল

ৰাজ্যসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মনোনয়ন দাখিলৰ সময়ত সোণোৱালক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী অতুল বৰা বিটিচি মুৰব্বী প্ৰমোদ বড়ো সহ বহুতো মন্ত্ৰী বিধায়কে।

অসম বিধানসভাৰ প্ৰধান সচিবৰ হাতত মনোনয়ন দাখিল কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

৪ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন আৰু সেইদিনাই বিয়লিৰ ভাগলৈ ঘোষণা কৰা হ’ব ফলাফল।

বৰ্তমানলৈ বিৰোধীয়ে ঘোষণা কৰা নাই ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী। বিনা প্ৰতিদ্বন্দ্বিতাই সৰ্বানন্দ সোণোৱাল জয়ী হোৱাৰ সম্ভাৱনাই অধিক।

লগতে পঢ়ক –নগাঁও তেল ডিপুত পেট্ৰলৰ সলনি ১৮০০ টকাৰ গেলাপানী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply