বোকাখাত-প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ দিনাই ৯৩ নং বোকাখাত বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰা মানসেৰে বোকাখাতৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা মুঠ ১২ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে ৷ এই ১২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ দাদু টায়ে, মিনতি দলে, হৰি প্ৰসাদ শইকীয়া, তপন কৰ্মকাৰ আৰু জিতু শইকীয়া ৷ নিৰ্দলীয় প্ৰাৰ্থী হিচাবে হেমন্ত দলৈ, জিতেন গগৈ, সূৰ্য কাকতী, দুলাল বৰা আৰু প্ৰণৱ দলেই মনোনয় পত্ৰ সংগ্ৰহ কৰে ৷


ইয়াৰ উপৰিও এন চি পি দলৰ হৈ মৃদুল শইকীয়াও বোকাখাতৰ নিৰ্বাচনীয় বিষয়াৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে ৷ উল্লেখযোগ্য যে, নিৰ্বাচন আয়োগে কৰা ঘোষণা মতে ৯৩ নং বোকাখাত বিধান সভা সমষ্টিত অহা ২৭ মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply