নিউজ ডেস্কঃ অসমৰ অপ্ৰাদেশীকৃত শিক্ষকসকল পুনৰ প্ৰাদেশীকৰণ কৰাৰ দাবীৰে ৰাজপথত প্ৰতিবাদ কৰিবলৈ সাজু হৈছে। সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক সংস্থাই গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে সংবাদ মেল সম্বোধন কৰি কয় যে, অহা পাঁচদিনৰ ভিতৰত ৰাজ্য চৰকাৰখনে যদি অপ্ৰাদেশীকৃত শিক্ষকসকলৰ বাবে কোনো সমস্যা সমাধানৰ বাবে ব্যৱস্থা নলয় তেনেহ’লে পুনৰ ৰাজপথত প্ৰতিবাদ কৰা হ’ব বুলি জনাই। 

পাঁচদিনৰ ভিতৰত চৰকাৰখনে যদি সমস্যা সমাধানৰ বাবে একো আভাস নিদিয়ে তেতিয়া হ’লে এইবাৰ প্ৰতিবাদৰ বাবে সংস্থাটোৰ এটা প্ৰতিনিধি দল দিল্লীৰ যন্তৰ-মন্তৰত আমৰণ অনশন কৰাৰ লগতে একেদিনাই দিছপুৰত ঘেৰাও কাৰ্যসূচী ল’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

লগতে সংস্থাটোৱে সংবাদ মেলত কয় যে, বিগত বৰ্ষৰ ২০ অক্টোবৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংস্থাটোৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰি অপ্ৰাদেশীকৃত শিক্ষকসকলৰ সকলো সমস্যাৰ সমাধান কৰি দিয়া জনোৱাৰ লগতে গ্ৰাউণ্ড জিৰো তথ্য বিচাৰিছিল। সংস্থাটোৱে সকলো গ্ৰাউণ্ড জিৰো তথ্য ১২ নৱেম্বৰত দাখিল কৰিছিল। কিন্তু তাৰ পিছত বিগত পাঁচমাহ ধৰি সংস্থাটোৰ সৈতে মুখ্যমন্ত্ৰীজনে আলোচনা কৰিম বুলি কৈয়ো বৰ্তমান লৈকে আলোচনা কৰা নাই বুলি সংস্থাটোৱে জানিবলৈ দিয়ে।

আগন্তুক ৰাজ্য় চৰকাৰৰ আহিবলগীয়া পুৰ্ণাংগ বাজেটত তেওঁলোকৰ বাবে নিদিষ্ট পুঁজি নিৰ্ধাৰণ কৰাৰ লগতে অপ্ৰাদেশীকৃত শিক্ষকসকলক প্ৰাদেশীকৰণৰ কৰিব লাগে বুলি সংস্থাটোৱে দাৱী জনাই ।

উল্লেখযোগ্য যে, সংস্থাটোৰ গ্ৰাউণ্ড জিৰো তথ্য অনুসৰি ২০১৩ আৰু ২০২১ বৰ্ষৰ প্ৰাদেশীকৰণৰ বাদ পৰাৰ পৰা আদি কৰি বাকী সকলো শিক্ষক কৰ্মচাৰী মিলাই ২,৩১৯ খন স্কুল কলেজৰ মুঠ ১৯,৫২৭ গৰাকী শিক্ষক – শিক্ষয়ত্ৰী বৰ্তমানেও অপ্ৰাদেশীকৃত হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply