গুৱাহাটীঃ নিশা মহানগৰীৰ নুনমাটিত অগ্নিকাণ্ডৰ ঘটনা।
ৰাজপথৰ দাঁতিত থকা এখন পাণ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জুইত জাহ যায় পাণ দোকানখন।
মোবাইলৰ কেমেৰাত বন্দী হয় দাও দাও কৈ জ্বলি থকাৰ দৃশ্য।
লগতে পঢ়কঃছয়গাঁৱৰ কুকুৰমাৰাত বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ
প্ৰথমে পাণ দোকানখনত জুইৰ সূত্ৰপাত হোৱাৰ পিছত দোকানখনৰ দাঁতিতে থকা বৈদ্যুতিক খুটা আৰু বৈদ্যুতিক তাৰ লৈ জুই সম্প্ৰসাৰিত হয়।
অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনৰ উপস্থিতিত আৰু স্থানীয় লোকৰ তৎপৰতাত অৱশেষত জুই নুমাবলৈ সক্ষম হয়।
প্ৰত্যক্ষ দৰ্শীয়ে জনোৱা মতে জলন্ত চিগাৰেটৰ পৰাই জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে।