মাৰ্ঘেৰিটা: দুবছৰে বন্ধ হৈ থকা ৰাজহুৱা খণ্ডৰ কয়লা উদ্যোগ উত্তৰ পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ ২৬ মাৰ্চ তাৰিখে টিকক কলিয়ৰীত সম্প্ৰসাৰিত উৎপাদন গোট মুকলি কৰি উদ্যোগটোৰ প্ৰাণ সঞ্চাৰ কেন্দ্ৰীয় কয়লা দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰাত স্থানীয় ৰাইজ তথা কয়লা উদ্যোগতোৰে জড়িত শ্ৰমিক, কৰ্মচাৰী সকল উৎফুল্ল হৈ পৰিছিল। কয়লা ক্ষেত্ৰ মুকলিৰ পাছতে কিন্ত একাংশ কয়লা চোৰ সক্ৰিয় হৈ পৰিছে বুলি সূত্ৰত প্ৰকাশ।

এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি লিডু পাটকাই আৰু চীনা বস্তি অঞ্চলৰ পৰা ক্ৰমে জনৈক গণি ইছলাম, ছফিকুল ইছলাম, ফৰিদ, গোপাল, নিজাম, জন, ডেভিদ নামৰ একাংশ কয়লা চোৰে দিনে নিশাই কয়লা চুৰি আৰম্ভৰে অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সমূহ কয়লা চোৰক নাকী লগাবলৈ স্থানীয় সচেতন ৰাইজে লিডু আৰক্ষীক দাবী জনাইছে অন্যথা পুনৰ উদজীৱিত হোৱা উত্তৰ পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটালৈ চৰম ভাবুকি কঢ়িয়াই অনাৰ সম্ভাবনা।

উল্লেখ্য যে ২০২০ চনৰ তিনি জুনৰ পৰা পৰিবেশ সংক্ৰান্ত্ৰীয় কাৰণৰ বাবে উদ্যোগটোৰ উৎপাদন বন্ধ হৈ পৰিছিল। উদ্যোগটোৰ উৎপাদন পুনৰ মুকলি কৰণৰ বাবে মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়কে যথেষ্ট কষ্ট কৰিব লগা হৈছিল; অৱশেষত যোৱা ২৬ মাৰ্চ তাৰিখে কেন্দ্ৰীয় কয়লা মন্ত্ৰী যোশীৰ উপস্থিতিত বন্ধ হৈ পৰা উদ্যোগটোৰ পুনৰ মুকলি কৰা হয়। এই মুকলি অনুষ্ঠানৰ সভাত ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী যোশীয়ে উত্তৰ পূৱ কয়লা ক্ষেত্ৰ পুনৰ মুকলিৰ অৰ্থে সকলো বাধা নীতি নিয়মৰ মাজেৰে আঁতৰ কৰাৰ বাবে ক্ষিপ্ৰতাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোৱা ভূমিকাক প্ৰশংসা কৰিছিল।

অতি উচ্চ মানৰ কয়লা উৎপাদন হোৱা উত্তৰ পূৱ কয়লাক্ষেত্ৰৰ পুনৰ মুকলি কৰণ আৰু পৰবৰ্তী সময়ত ইয়াক বৰ্দ্ধিত কৰণ হলে স্থানীয় বিভিন্ন উদ্যোগ লাভবান হোৱাৰ লগতে নিয়োগৰ সুবিধা বৃদ্ধি পাব বুলি মন্তব্য প্ৰকাশ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীজনে। তেনেক্ষেত্ৰত লিডু পাটকাই আৰু চীনা বস্তি অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় সম্পদ কয়লা চুৰি বন্ধ কৰাৰ ক্ষেত্ৰত তথা উপৰোক্ত কয়লা চোৰ কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অতি লক্ষণীয় হ’ব। স্থানীয় সচেতন মহলে লিডু আৰক্ষীক দাবী কৰিছে কয়লা উদ্যোগলৈ ভাবুকি কঢ়িয়াই অনা এনে কয়লা চোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply