নিউজ ডেস্ক : অৰুণাচল প্ৰদেশৰ টাৱাঙত যোৱা ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত ‘নৰ্থ ইষ্ট লিডাৰ্ছ কানেক্ট’ৰ দশম বাৰ্ষিকী অনুষ্ঠিত হয়। কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, অৰুণাচল প্ৰদেশৰ মু্খ্য মন্ত্ৰী পেমা খাণ্ডু, মেঘালয়ৰ মু্খ্য মন্ত্ৰী কনৰাড চাংমা, সাংসদ গৌৰৱ গগৈ আদি নেতাৰে গঠিত ‘নৰ্থ ইষ্ট লিডাৰ্ছ কানেক্ট’-ৰ দুদিনীয়া সন্মিলনত অঞ্চলটোৰ বিকাশৰ অৰ্থে বিভিন্ন বিষয় সামৰি আলোচনা কৰা হয়।
উক্ত দুদিনীয়া বাৰ্ষিকীৰ অন্তত ‘নৰ্থ ইষ্ট লিডাৰ্ছ কানেক্ট’-ৰ মূল সদস্যসকলে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
মূলত অঞ্চলতোত পৰ্য্যটন, জৈৱিক কৃষিকাৰ্য্য, উদ্যান শস্য, ফুড প্ৰচেছিং, হস্তশিল্প, ক্ৰীড়া আদি খণ্ডক কিদৰে আগবঢ়াই নিব পাৰি সেই সম্পৰ্কত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হয়।
ৰাজনৈতিক নেতা, উদ্যোগী, সাংবাদিক তথা শিক্ষা, স্বাস্থ্য, ক্ৰীড়া আদি বিভিন্ন ক্ষেত্ৰৰ অগ্ৰণী ব্যক্তিসকলৰে গঠিত ‘নৰ্থ ইষ্ট লিডাৰ্ছ কানেক্ট’-ৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে উত্তৰ-পূবৰ সামগ্ৰিক বিকাশৰ বাবে অঞ্চলটোৰ যুৱ শক্তিক সঠিক দিশত আগবঢ়াই নিয়া।
ইয়াৰ মূল সদস্যসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, অৰুণাচল প্ৰদেশৰ মু্খ্য মন্ত্ৰী পেমা খাণ্ডু, মেঘালয়ৰ মু্খ্য মন্ত্ৰী কনৰাড চাংমা, লোকসভাৰ সাংসদ গৌৰৱ গগৈ, নাগালেণ্ডৰ বিধায়ক হনলুমো কিকন, মণিপুৰৰ বিধায়ক আৰ কে ইম’ সিং, সাংসদ সুস্মীতা দেব, ফুটবল আইকন বাইচুং ভুটীয়া, উদ্যোগী তনুশ্ৰী হাজৰিকা, জাৰ্পুম গামলিং, কাৰ্মা পাজৰ, বিয়ন ডি নিছ আদি।
লগতে পঢ়ক : উচ্ছেদৰ বলি হোৱা ঢলপুৰৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ ওপৰত অনিশ্চয়তাৰ কলিয়া ডাৱৰ