গুৱাহাটীঃ ইথানল মিহলি তেল বিক্ৰী কৰিবলৈ তৈল কোম্পানীবোৰে হেঁচা প্ৰয়োগ কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে নৰ্থ ইষ্ট পেট্ৰ’লিয়াম এছ’চিয়েচনে।
সোমবাৰৰ পৰা পেট্ৰ’ল-ডিজেলত ১০% ইথানল মিহলি কৰাৰ কথা উল্লেখ কৰিছে তৈল কোম্পানী বোৰে।
এই সন্দৰ্ভত শনিবাৰে নৰ্থ ইষ্ট পেট্ৰ’লিয়াম এছ’চিয়েচনে এক সংবাদমেল সম্বোধন কৰে। এই সন্দৰ্ভত ইয়াৰ ভাল-বেয়া গুণ ৰাইজক জনোৱাটো দৰকাৰ আছিল বুলি নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম এছ’চিয়েচনে উল্লেখ কৰে।
তেল কোম্পানী সমূহে ১০ জানুৱাৰীৰ পৰা ইথানল মিহলি পেট্ৰ’ল-ডিজেল বিক্ৰী কৰিবই লাগিব বুলি নিৰ্দেশ দিছে।
সংবাদমেলত নৰ্থ ইষ্ট পেট্ৰ’লিয়াম এছ’চিয়েচনে কয় যে আমাৰ লাইচেন্সত পেট্ৰল-ডিজেল-লুব্ৰিকেন্ট বিক্ৰীৰ কথা আছে কিন্তু মিহলি তেল বিক্ৰীৰ বাবে লাইচেন্স নাই। পেট্ৰল পাম্পৰ টেংকী-অথবা গাড়ীৰ টেংকীত অলপ হলেও পানী থাকিবই। এই টেংকী চাফা কৰিবলৈ সময়ৰ দৰকাৰ। পেট্ৰ’ল পাম্প সমূহে কৰিব পাৰিলেও,গাড়ীৰ টেংকী সমূহ চাফা কৰিবলৈ কিমানজনে সময় পাব আৰু ইয়াৰ দায়িত্ব কোনে ল’ব? অইল কোম্পানীয়ে মিহলি নকৰা পেট্ৰ’লহে ল’ম। যদি গাড়ী বেয়া হয়,আমি দায়িত্ব ল’ব নোৱাৰো। গতিকে ইথানল মিহলি পেট্ৰ’ল নলও। কাৰণ ইথানলত অলপ পানী পৰিলেও সেই ইথানল পানীলৈ পৰিৱৰ্তিত হ’ব। আমি পাম্প বন্ধ কৰিম বুলি নকওঁ, কিন্তু তৈল কোম্পানীয়ে দিয়া ইথানল মিহলি পেট্ৰ’ল নলও। প্ৰথমে অইল কোম্পানী সমূহে সংবাদ মাধ্যম যোগে ৰাইজক জনাব লাগিব। ইথানল মিহলি পেট্ৰ’ল ভৰালে গাড়ীৰ ইঞ্জিন বেয়া নহয় বুলি নিশ্চয়তা দিয়ক।
ইফালে অসম-উত্তৰপূবত পেট্ৰ’লৰ লগত ইথানল প্ৰয়োগ কৰিব নালাগে বুলি লোকসভাত উপস্থাপন হৈছিল।
লগতে পঢ়কঃৰাজ্যজুৰি বন্যপ্ৰাণীৰ উপদ্ৰবত আতংকিত জনতা
অসমৰ পেট্ৰ’ল পাম্পৰ টেংকীৰ তলত শতাংশ হিচাপত অলপ হলেও পানী থাকে। সেই পানী কেতিয়াও পেট্ৰ’লৰ লগত মিহলি নহয়। কিন্তু ইথানল মিহলি হৈ আহিলে সেই পানীৰ সংস্পৰ্শলৈ আহিলেও সেই ইথানল পানী হৈ যায়।
ইথানল মিহলি পেট্ৰ’লত যদি কিবা কাৰণত পানী মিহলি হয়,সেই পেট্ৰ’ল ভৰালে গাড়ী বেয়া হ’ব বুলিও নৰ্থ ইষ্ট পেট্ৰ’লিয়াম এছ’চিয়েচনে উল্লেখ কৰে।