নিউজ ডেস্ক : উত্তৰ–পূর্বৰ ৰাজ্যসমূহৰ মাজত দীৰ্ঘদিন ধৰি চলি অহা সীমা সমস্যা দূৰ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে ‘ছেটেলাইট মেপিং’ ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গৃহ মন্ত্রী অমিত শ্বাহৰ নির্দেশ মৰ্মে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷

উত্তৰ–পূর্বৰ স্পেচ এপ্লিকেচন চেণ্টাৰক ইতিমধ্যে মানচিত্রকৰণ আৰু উপগ্রহীয় চিত্রৰ জৰিয়তে ৰাজ্যৰ সীমাসমূহ নির্ধাৰণ কৰিবলৈ নির্দেশ দিয়া হৈছে বুলি গৃহ মনত্ৰ্যালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই সংবাদ মাধ্যমক অৱগত কৰে।

‘বিজ্ঞানসন্মত পদ্ধতিৰে সীমা নির্ধাৰণ কৰিলে বিসংগতি হোৱাৰ সম্ভাৱনা যথেষ্ট কম৷ যাৰ বাবে ৰাজ্য চৰকাৰসমূহৰ মাজত সীমা সমস্যা সমাধানৰ গ্রহণযোগ্যতা অধিক বৃদ্ধি হ’ব,’ তেওঁ কয়।

আনহাতে অসম-মিজোৰামৰ মাজত পুনৰ যাতে সীমা বিবাদক কেন্দ্ৰ কৰি অপ্ৰিতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে কেন্দ্ৰীয় চৰকাৰ তৎপৰ হৈ পৰিছে। অসম-মিজোৰামৰ মাজৰ সীমা বিবাদ এক পুৰণি সমস্যা বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রী অজয় মিশ্র টেনিয়ে দুয়োখন ৰাজ্যকে আলোচনাৰ মাজেৰে এই বিবাদ দূৰ কৰাৰ পৰামৰ্শ দিছে।

লগতে পঢ়ক : সীমান্ত অঞ্চলত বসবাস কৰা সকলক মাটিৰ পট্টা দিবলৈ আহ্বান অখিল গগৈৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply