গুৱাহাটী: কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে আজি গুৱাহাটীৰ কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্রতিষ্ঠানত (চিএআৰআই) পঞ্চকর্মা ব্ল’ক আৰু চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়ত পঞ্চকর্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে।
২০ কোটি টাকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া এই ভৱনসমূহ ২০২৪ চনৰ ভিতৰত সম্পূর্ণ হৈ উঠিব।
জালুকবাৰীস্থিত ৰাজ্যিক আয়ুর্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মাৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰ এটা স্থাপন কৰা হ’ব আৰু আয়ুষ মন্ত্ৰালয়ৰ আয়ুষ্কাস্থ্য যােজনাৰ অধীনত ৰাজ্যিক আয়ুর্বেদিক ফার্মাচীও উন্নীত কৰা হ’ব। এই পদক্ষেপবােৰৰ বাবে মুঠ ব্যয় হ’ব ১০ কোটি টকা আৰু ২০২৪ চনৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ হ’ব।
আনহাতে গুৱাহাটীৰ কেন্দ্রীয় আয়ুর্বেদ গৱেষণা প্রতিষ্ঠান নির্মাণ হ’বলগীয়া পঞ্চকর্মা ব্ল’ক আৰু ফার্মাক’ল’জী তথা ৰসায়ন গৱেষণাগাৰৰ ভৱন দুটা ১০ কোটি টকা ব্যয়সাপেক্ষে ২০২৪ চনৰ ভিতৰত সম্পূর্ণ হৈ উঠিব।
পঞ্চকৰ্মাৰ নতুন ভৱনসমূহে দক্ষতা বিকাশৰ বাবে বিশ্বমানৰ প্রশিক্ষণ পাঠ্যক্রম প্রদান কৰাত সহায় কৰিব। তদুপৰি ফার্মাক’ল’জী আৰু ৰসায়ন গৱেষণাগাৰ ভৱনটোৱে প্রি-ক্লিনিকেল পৰীক্ষামূলক প্রক্রিয়া সম্পন্ন কৰাত, ঔষধৰ মানকৰণ নিশ্চিত কৰাত, যিকোনাে ভেষজৰ বাবে ৰাসায়নিক পৰীক্ষা আৰু পশু সম্পর্কীয় টক্সিক’ল’জী প্রতিবেদন প্রস্তুতকৰণ আদিত সহায় কৰিব। উল্লেখযােগ্য যে, এই ধৰণৰ অত্যাধুনিক সা-সুবিধাযুক্ত ই হৈছে উত্তৰ-পূব ভাৰতৰ প্রথম ভৱন।
অনুষ্ঠানত ভাষণ প্রদান কৰি সৰ্বানন্দ সােণােৱালে কয়, “আয়ুর্বেদ হৈছে শাৰীৰিক সবলীকৰণ আৰু মানসিক উৎকর্ষ সাধনৰ চালিকাশক্তি। আমি সৌভাগ্যবান যে আই ধৰিত্ৰীৰ বুকুত সমৃদ্ধময় আৰু বিভিন্ন গুণসম্পন্ন ঔষধি উদ্ভিদ উপলব্ধ, যিয়ে অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ আয়ুর্বেদ খণ্ডত বিশাল সম্ভাৱনাৰ পথ উন্মুক্ত কৰিব পাৰে।
লগতে পঢ়ক- পৌৰ নিৰ্বাচনত ভাল মানুহক প্ৰাৰ্থীত্ব দিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ