মাৰ্ঘেৰিটা (অসম): কোল ইণ্ডিয়াৰ অধীনৰ উত্তৰ-পূব কয়লাক্ষেত্ৰসমূহে চলিত বিত্তীয় বৰ্ষত অসমত ইয়াৰ দুটা খনি কাৰ্যকৰী কৰাৰ বাবে অনুমোদন বিচৰা প্ৰক্ৰিয়াত আছে।

কয়লা যোগানৰ অভাৱৰ বাবে এই বছৰ গ্ৰীষ্মকালৰ আৰম্ভণিতে দেশখনে সন্মুখীন হোৱা বিদ্যুৎৰ নাটনিৰ পুনৰাবৃত্তি পৰিহাৰ কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ পৰিপ্ৰেক্ষিতত এই উন্নয়নে গুৰুত্ব বহন কৰিছে।

কোল ইণ্ডিয়াৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে, অসমৰ উত্তৰ-পূৱ কয়লাক্ষেত্ৰৰ টিৰাপ অ’চিপি (open cast project)ৰ পৰা উৎপাদন আৰম্ভ হোৱাৰ পিছত, এই খনিটোৱে ০.৬ নিযুত টন (মেট্ৰিক টন) কয়লা যোগান ধৰিব পাৰিব।

তেওঁ লগতে কয় যে কোম্পানীটোৱে ৰাজ্যখনত টিকক অচিপিৰ বাবে অনুমোদন লাভ কৰাৰ প্ৰক্ৰিয়াত আছে। এই অনুমোদন লাভ কৰাৰ লগে লগে এই খনিটোৱেও ০.২ মেট্ৰিক টন কয়লা উৎপাদন কৰিব।

তেওঁ আৰু কয়, “দুয়োটো খনিৰ উৎপাদন আৰম্ভ হোৱাৰ পিছত, কোল ইণ্ডিয়াই প্ৰায় এক নিযুত টন অধিক কয়লা উৎপাদন কৰিব পাৰিব।”

উল্লেখ্য যে দুয়োটা খনিৰ পৰা উৎপাদিত কয়লাৰ এটা মুখ্য অংশ বিদ্যুৎ উৎপাদনৰ বাবে প্ৰয়োগ কৰা হ’ব।

স্মৰ্তব্য যে অসমৰ তিনিচুকীয়া জিলাৰ টিকক কলিয়াৰীত কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয়লা খননৰ কাম শুভাৰম্ভ কৰাৰ পিছত বিগত মাৰ্চ মাহত উত্তৰ-পূব কয়লাক্ষেত্ৰত কয়লা খনন পুনৰ আৰম্ভ হয়।

উল্লেখ্য যে ২০২০ চনত পৰিৱেশ সম্পৰ্কীয় সমস্যাৰ বাবে উত্তৰ-পূৱ কয়লাক্ষেত্ৰত খনন কাৰ্য বন্ধ কৰা হৈছিল।

টিকক কলিয়াৰীত খনন কাৰ্য পুনৰ আৰম্ভ কৰাটো অঞ্চলটোৰ উন্নয়নৰ দিশত এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। – খনন কাৰ্য মুকলি কৰি কৈছিল মন্ত্ৰী যোশীয়ে।

উত্তৰ-পূৱ কয়লাক্ষেত্ৰসমূহে বৰ্তমান টিকক কলিয়াৰীত দুটা মুক্ত প্ৰকল্পৰ সৈতে কাম কৰি আছে, যাৰ সন্মিলিত কয়লা উৎপাদন ক্ষমতা বছৰি ০.৪ নিযুত টন। অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলৰ কয়লা খনিবোৰ উত্তৰ-পূৱ কয়লাক্ষেত্ৰ গোটৰ অধীনত কোল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰা হয়।

উল্লেখ্য যে মহাৰত্ন প্ৰতিষ্ঠানটোক ২০২৩-২৪ বৰ্ষৰ ভিতৰত এক বিলিয়ন টন উৎপাদনৰ নিৰ্দিষ্ট লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু লক্ষ্য আহৰণ কৰিবৰ বাবে ইয়াক ৬০ টা নতুন খনি আৱণ্টন কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply