নিউজ ডেস্ক: অসম তথ্য আয়োগ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় তথ্য আয়োগ ফেডাৰেচনৰ উদ্যোগত বুধবাৰে গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ তথ্য আয়ুক্তৰ এখন সন্মিলন অনুষ্ঠিত হৈ যায়। এই সন্মিলনখন উদ্বোধন কৰে কেন্দ্ৰীয় তথ্য আয়োগৰ মুখ্য তথ্য আয়ুক্ত তথা অৱসৰপ্ৰাপ্ত আই এফ এছ বিষয়া শ্ৰী ৱাই কে সিনহাই। আজি অসম তথ্য আয়োগৰ সন্মিলন হলত অনুষ্ঠিত সন্মিলনত ভাষণ দি শ্ৰী সিনহাই আবেদন পৰ্যায়ত আৰ টি আই আবেদনসমূহৰ দ্ৰুত নিষ্পত্তি আৰু প্ৰথম আন্তঃপৃষ্ঠ (ইণ্টাৰফে’চ) পৰ্যায়ত প্ৰচাৰ সহজ আৰু দ্ৰুত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

বৈঠকত ভাষণ প্ৰদান কৰি শ্ৰী সিনহাই লগতে কয়, “প্ৰথম আপীল কৰ্তৃপক্ষৰো অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। যদি এছ পি আই অ’ আৰু চি পি আই অ’সকলে আবেদন পৰ্যায়ত আবেদনসমূহ নিষ্পত্তি কৰিব পাৰে, আৰু যদি প্ৰথম আপীল কৰ্তৃপক্ষইও নিশ্চিত কৰে যে বিচৰা তথ্যসমূহ অনুৰোধ কৰা অনুসৰি প্ৰদান কৰা হৈছে, তেন্তে নাগৰিকে তথ্য আয়োগৰ কাষ চাপিব নালাগিব।” তেওঁ লগতে কয়, “এই আইনখনে বিভাগীয় ৱেবছাইটত তথ্য আপলোড কৰাৰ ব্যৱস্থা কৰি থোৱা আছে। যদি সকলো ৰাজহুৱা কৰ্তৃপক্ষই আন্তৰিকতাৰে এই কাম কৰে, তেন্তে নাগৰিকসকলে আৰ টি আই আইন ব্যৱহাৰ কৰি তথ্য বিচাৰিবও নালাগিব।’

শ্ৰী সিনহাই আৰ টি আই আইনৰ বিধানসমূহ ব্যৱহাৰ কৰি ব্যক্তিগত সংস্থাসমূহৰ হাতত থকা তথ্যসমূহ লাভ কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে ব্যক্তিগত সংস্থাসমূহ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত পঞ্জীয়ন কৰা হৈছে আৰু সেই সংস্থাসমূহৰ জৰিয়তেও তথ্য লাভ কৰিব পাৰি।

উল্লেখ্য যে আৰটিআই আইনৰ বিভিন্ন বিধানৰ অপব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা কিছুমান বিভেদকামী উপাদানৰ বিৰুদ্ধেও ৰাজহুৱা কৰ্তৃপক্ষক সজাগ হৈ থাকিবলৈ শ্ৰী সিনহাই আহ্বান জনায়। তেওঁ লগতে কয়, “কিছুমান বিভেদকামী উপাদান আছে, যিয়ে আৰটিআই আইনখন ব্যৱহাৰ কৰি ৰাজহুৱা কৰ্তৃপক্ষক হাৰাশাস্তি আৰু ব্লেকমেইলিং কৰিবলৈ চেষ্টা কৰি আহিছে। এনেবোৰ উদ্দেশ্য আগত ৰাখিয়েই কিছুমান লোকে অতিকৈ সাধাৰণ আবেদনো দাখিল কৰে। এনে গোচৰবোৰ সাৱধানে চম্ভালিব লাগে। কিছুমান নিকৃষ্ট উদ্দেশ্য সিদ্ধি কৰিবলৈ আইনখনৰ অপব্যৱহাৰ কৰিবলৈ দিব নোৱাৰি।”

ইয়াৰ পূৰ্বে আদৰণি ভাষণত অসমৰ মুখ্য তথ্য আয়ুক্ত শ্ৰী ভাস্কৰ জ্যোতি মহন্তই কয় যে সাধাৰণ জনতাক সজাগ আৰু সবলীকৰণ কৰি তোলাৰ বাবে তথ্য অতি গুৰুত্বপূৰ্ণ। তেওঁ কয়, “বেছিভাগ মানুহেই আৰটিআই আইনখন প্ৰকৃত সমস্যা আৰু অভিযোগৰ বাবে ব্যৱহাৰ কৰে। সেয়েহে আৰটিআইৰ আবেদন দাখিল কৰাৰ সময়ত ৰাজহুৱা কৰ্তৃপক্ষই যিমান পাৰি তৎকালীনভাৱে তথ্য প্ৰদান কৰাটোক তথ্য আয়োগৰ প্ৰথম কৰ্তব্য হিচাপে গণ্য কৰি আহিছে।

ৰাজ্যিক তথ্য আয়ুক্ত শ্ৰীযুত সমুদ্ৰ গুপ্ত কাশ্যপে বৈঠকত উপস্থিত থাকি অসম তথ্য আয়োগৰ কাৰ্যকলাপ আৰু সাফল্যৰ ওপৰত বিস্তৃত আলোকপাত কৰে।

সন্মিলনত অংশগ্ৰহণ কৰা উত্তৰ-পূৱৰ বিভিন্ন ৰাজ্যৰ তথ্য আয়ুক্তসকলেও আপীল আৰু অভিযোগ নিষ্পত্তিৰ প্ৰক্ৰিয়াত উদ্ভৱ হোৱা কিছুমান ব্যৱহাৰিক সমস্যাৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰে।

এই অনুষ্ঠানৰ পিছত শ্ৰী সিনহাই গুৱাহাটীস্থিত বিভিন্ন কেন্দ্রীয় চৰকাৰী প্ৰতিষ্ঠানৰ জন তথ্য বিষয়াসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানতো অংশগ্রহণ কৰে৷ ইয়াতেই চিপিআইঅ’ আৰু এছপিআইঅ’ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, আৰু তেওঁলোকে আৰটিআইৰ আবেদনসমূহ নিষ্পত্তি কৰাটো অতি গম্ভীৰ দায়িত্ব হিচাপে ল’ব লাগে বুলি গুৰুত্বসহকাৰে উল্লেখ কৰে।

লগতে পঢ়ক – দুবছৰ সম্পূৰ্ণ কৰা হিমন্ত চৰকাৰক অভিনন্দন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply