গুৱাহাটীঃ ৰাজ্যত ৰন্ধন গেছৰ নাটনিৰ পূৰ্ণ সম্ভাৱনা। উত্তৰ গুৱাহাটী ৰন্ধন গেছ প্ৰকল্পত অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে শ্ৰমিকসকলে। ৬০ ঊৰ্ধৰ শ্ৰমিকক অনুদান নিদিয়াকৈ অব্যাহতি দিয়াৰ প্ৰতিবাদত শ্ৰমিকসকলে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে।

ৰন্ধন গেছ প্ৰকল্পটোত একেৰাহে ২৭বছৰ ধৰি কাম কৰি থকা ছয়জন শ্ৰমিকক কোনো ধৰণৰ জাননী নিদিয়াকৈ তৎমূহুৰ্তত আজিৰে পৰা কাম কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়াত হতভম্ব শ্ৰমিকসকল। ৬০ বছৰৰ অজুহাত দেখুৱাই কোনো ধৰণৰ অনুদান নিদিয়াকৈ শ্ৰমিক কেইজনক অব্যাহতি দিয়াৰ এনে ধৰণৰ কাৰ্যকলাপত জাঙুৰ খাই উঠে ৰন্ধন গেছ প্ৰকল্পটোত কৰ্মৰত শ্ৰমিকসকল।

কামৰ পৰা অব্যাহত দিয়া ছয়জনৰ শ্ৰমিকৰ লগতে বাকী শ্ৰমিকসকলেও একেলগে দুখ প্ৰকাশ কৰি ধৰ্মঘট পালন কৰি আই অ’ চিৰ এই হঠকাৰী সিদ্ধান্তক গৰিহণা দিয়ে। যদি এই ছয়জন শ্ৰমিকক তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি কামৰ পৰা খেদি দিব বিচাৰে তেনেহ’লে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ দিয়ে শ্ৰমিকসকলে।

লগতে পঢ়কঃ সুখবৰ! ১৩৫ টকাকৈ হ্ৰাস পালে চিলিণ্ডাৰৰ মূল্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply