মাজুলীঃ গুজৰাটত সত্ৰীয়া সংস্কৃতিৰ সুৱাস বিলাবলৈ উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পী দল ৰাওনা হৈছে। গুজৰাটৰ ঐতিহাসিক সোমনাথলৈ ৰাওনা হৈছে এই ১০ জনীয় শিল্পী দলটো। ২৬ মাৰ্চৰ পৰা ৩০ মাৰ্চ, ২০২২লৈ ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমীৰ উদ্যোগত সোমনাথ ষ্ট্ৰাষ্ট আৰু গিৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰীয়া ‘অমৃত মহোৎসৱ’ অনুষ্ঠিত কৰা হৈছে।
ভাৰতবৰ্ষৰ ১২ জ্যোতিলিংগৰ প্ৰথমো জ্যোতিলিংগ অৱস্থিত ঐতিহাসিক সোমনাথ মন্দিৰত অনুষ্ঠিত ‘চাওপট্টি’ত শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি পূৰ্বৰংগ গায়ন-বায়ন পৰিবেশন কৰিব। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ শাস্ত্ৰীয় সংগীতৰ দলে অংশগ্ৰহণ কৰিব। আগশাৰী ক্লাছিকেল নৃত্য শিল্পী সকলে সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। সংগীত জগতৰ গৱেষক পণ্ডিত, সংগঠক, সাধক, শিল্পী, সাধু সন্ত সকলেও উপস্থিত থাকি এই অনুষ্ঠানক প্ৰদান কৰিব অনন্য মাত্ৰা।
আজি যোৰহাট পৰা গুৱাহাটীলৈ ৰাওনা হৈ কাইলৈ পুৱা ১০ বজাত বিমানেৰে গুজৰাট অভিমুখে উৰা মাৰিব দলটো। উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱ কৃষ্ঠি সংঘৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নৰ নেতৃত্বত যোৱা শিল্পী সকল হৈছে- কৃষ্ণ কুমাৰ বৰবায়ন, নিৰঞ্জন বৰবায়ন, পবিত্ৰ গায়ন, জগন্নাথ বৰবায়ন, দেৱানন্দ গায়ন, শান্তনু গায়ন, দীননাথ বায়ন, পদ্ম কলিতা বায়ন, ভাস্কৰ বায়ন।
ভাৰত চৰকাৰ সংগীত নাটক অকাডেমীৰ আমন্ত্ৰণ ৰক্ষা কৰি সাংস্কৃতিক সুবাস বিলাবলৈ ৰাওনা হোৱা দলটোক উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ তথা শংকৰদেৱ কৃষ্ঠি সংঘৰ মুখ্য উপদেষ্টা শ্ৰীশ্ৰীজৰ্নাদ্দন দেৱ গোস্বামীৰ লগতে উত্তৰ কমলাবাৰী সত্ৰ শংকৰদেৱৰ কৃষ্ঠি সংঘৰ সভাপতি মণিৰাম বৰগায়ন আৰু পদ্মশ্ৰী গোপীৰাম বুঢ়াভকতে আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।
মাজুলী সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক ভূৱন গামে কৃষ্টি সংঘৰ সম্পাদক তীৰ্থ ভূঞা বৰগায়নলৈ ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰে। লগতে সত্ৰখনিয়ে দুজনা গুৰুৰ অমৰ সৃষ্টি বৰ্হিৰাজ্যত পৰিবেশনৰ জৰিয়তে মাজুলীৰ গৌৰৱ বৃদ্ধি কৰাৰ বাবে শলাগ জনায়।