পল্লৱ মিলি, লখিমপুৰঃ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ সমূখত আছুৱে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। মহাবিদ্যালখনৰ অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ বিৰুদ্ধে এই প্ৰতিবাদ।
বিতৰ্কিত অধ্যক্ষ চেতিয়াই মহাবিদ্যালয়খনত পুনৰ যোগদানৰ দিনাই এই প্ৰতাবাদ সাব্যস্ত কৰে উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই। লগতে প্ৰতিবাদকাৰীসকলে অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াৰ প্ৰতিকৃতি দাহ কৰে।
ইফালে, আছু কৰ্মীক বিমান চন্দ্ৰ চেতিয়াৰ প্ৰতিকৃতি দাহ কৰাৰ সময়চোৱাত বাধা প্ৰদান কৰে উত্তৰ লখিমপুৰ জিলা কংগ্ৰেছ কৰ্মীয়ে।
কংগ্ৰেছ কৰ্মীৰ মতে চৰকাৰে আকৌ পুনৰ এইখন মহাবিদ্যালয়ত অধ্যক্ষ বিমান চন্দ্ৰ চেতিয়াই যোগদানৰ সুযোগ দিছে। এইবাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব লাগে বুলি আপত্তি কৰে কংগ্ৰেছ কৰ্মীয়ে।