লখিমপুৰৰ কেইবা ঠাইতো বন সুৰক্ষা বাহিনীৰ অভিযানত ছয়খন চালান বিহীন ডাম্পাৰ জব্দ কৰে।
যোৱা কিছুদিনৰ পৰা লখিমপুৰ জিলা বন বিভাগৰ বন সুৰক্ষা বাহিনীয়ে নদীৰ পৰা চালান বিহীন ভাবে শিল বালি কঢ়িওৱা ডাম্পাৰ, ট্ৰাক আৰু ট্ৰেক্টৰৰ বিৰুদ্ধে অভিযান চলাইছে।
দুটা দিনৰ ভিতৰত ছয়খন ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হৈছে আৰু আটাইকেইখন ডাম্পাৰ হাৰমতি আঞ্চলিক বন কাৰ্য্যালয়ত এতিয়া জব্দ কৰি থৈছে ।
উল্লেখযোগ্য যে বন বিভাগৰ চকুৰ সন্মুখেৰে চালান বিহীন বাহন সমূহ চলি আছিল বুলি বাতৰি ওলোৱাৰ পিছতেই তৎপৰ হয় জিলা বন বিভাগ।
জিলা বন প্ৰাধীকাৰীৰ নিৰ্দেশত সমগ্ৰ জিলা খনতে বন সুৰক্ষা বাহিনীয়ে এইদৰে চালান বিহীন বাহনক লক্ষ্য কৰি লৈছে।
লগতে পঢ়কঃসোণাৰিত জলজীৱন মিচনৰ অধীনত পানী যোগান আঁচনিৰ আধাৰ শিলা স্থাপন