প্ৰবীণ বৰুৱা, মঙলদৈঃ দৰঙৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ‘উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়’ৰ সহকাৰী কৃতি শিক্ষক কেশৱ চন্দ্ৰ চহৰীয়াক সোমবাৰে বিদ্যালয়ৰ পৰিয়ালে উষ্ণ বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। ১৯৯১ চনত উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰি যোৱা ৩১ মাৰ্চত চৰকাৰী নীতি নিয়ম মতে, অৱসৰ গ্ৰহণ কৰা ‘জনপ্ৰিয়’ শিক্ষক কেশৱ চন্দ্ৰ চহৰীয়াক ফুলাম গামোচা, শৰাই, মানপত্ৰ, গ্ৰন্থ টোপোলা, জাপি, অংগবস্ত্ৰ আদিৰে ছাত্ৰ – ছাত্ৰী, শিক্ষক – শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীয়ে সম্বৰ্ধনা জনায়।
এই উপলক্ষে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক মোহন চন্দ্ৰ ডেকাৰ সভাপতিত্বত হোৱা বিদায় সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনন্ত চৰণ শৰ্মা, অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক হৰেন্দ্ৰ নাথ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষকদ্বয় পুৰন্দৰ চমুৱা, পুলিন হাজৰিকা, প্ৰধান শিক্ষয়িত্ৰী দিপালী দেৱী, শিক্ষয়িত্ৰী মীৰা কুমাৰী, ছাত্ৰী বৰষা চহৰীয়া, জ্যেষ্ঠ সাংবাদিক গণেশ দত্তই কেশৱ চন্দ্ৰ চহৰীয়াৰ শিক্ষকতা আৰু সামাজিক জীৱনৰ কথা ব্যক্ত কৰে।
সহকাৰী শিক্ষক মথুৰা প্ৰসাদ শৰ্মাই আঁত ধৰা এই সভাত নীতি শিখা ডেকা, লিজামণি ডেকা, টিনামণি ডেকা, অনামিকা ডেকা, কুলেন চহৰীয়াই গীত পৰিবেশন কৰে। ইয়াৰ পিছতে ঢোলে ডগৰে ছাত্ৰ – ছাত্ৰী, শিক্ষক – শিক্ষয়িত্ৰী – কৰ্মচাৰী আৰু স্থানীয় ৰাইজে শিক্ষানুষ্ঠানৰ চৌহদৰ পৰা কৃতি শিক্ষক কেশৱ চন্দ্ৰ চহৰীয়াক শোভাযাত্ৰা কৰি তেওঁৰ ঘৰলৈ আনে।
তেওঁৰ বাসগৃহত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি সূৰ্য শৰ্মাই আঁত ধৰা এক চমু অনুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, টংলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ঘটেশ্বৰ বৰুৱা, চপাই যুৱ কল্যাণ কেন্দ্ৰৰ সভাপতি হাছিনুৰ হুছেইন, সম্পাদক ৰমেশ চহৰীয়া, চপাই বণিক সন্থা, ভকতপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক লক্ষীকান্ত শৰ্মা, সাংবাদিক নৱ মহন্ত, ৰমেশ নাথ, চপাই পদুমপাহি মইনা পাৰিজাত, চপাই থিয়েটাৰ পৰিচালনা সমিতি, ৰাষ্ট্ৰীয় কৃতি শিক্ষক শশাংক হাজৰিকাকে ধৰি অৰ্ধশতাধিক ব্যক্তি আৰু সংগঠনে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে।