নিউজ ডেস্ক : উত্তৰ-পূবৰ কেথলিক বিশ্বপ সমাজে সোমবাৰে দিল্লীত এটা গীৰ্জা ভঙা ঘটনাৰ গৰিহণা দিছে।
North East India Regional Bishops’ Council (NEIRBC) –ৰ সভাপতি তথা গুৱাহাটীৰ প্ৰধান বিশ্বপ জন মুলাচিৰাই কয় ‘এইয়া এক অতি আচৰিত আৰু দুখজনক ঘটনা।’
উল্লেখযোগ্য যে কৃষিভূমিত বেদখল কৰাৰ অভিযোগত সোমবাৰে দক্ষিণ দিল্লী পৌৰনিগমে লাডো চাৰাইত থকা দ্যা লিল্টল ফ্লাউৱাৰ চাৰ্চটো ভাঙি পেলায়।
এই কাৰ্য্যই উত্তৰ-পূবকে ধৰি গোটেই ভাৰতৰে শান্তিপ্ৰিয় খ্ৰীষ্টিয়ান সমপ্ৰদায়ৰ লোকসকলৰ মনত আঘাত দিয়া বুলি প্ৰধান বিশ্বপ গৰাকীয়ে মন্তব্য কৰে।
লগতে পঢ়ক : ‘ভগৱানৰ দেশ’ৰ পৰা আহি অসমৰ ট্ৰান্সজেণ্ডাৰ সম্প্ৰদায়ৰ বাবে জীৱন উৎসৰ্গা কৰা সিস্টাৰ প্ৰেমা
যোৱা ১০ বছৰতকৈ অধিক কাল ধৰি সেই স্থানত থকা গীৰ্জাটোক ইমান খৰখেদাকৈ কিয় ভাঙি পেলোৱা হ’ল বুলি প্ৰশ্ন কৰি এই ক্ষেত্ৰত বিকল্প ব্যৱস্থা ল’বলৈ ‘পৰ্য্যাপ্ত’ সময় নিদিয়াৰ বাবে তেওঁ দিল্লী পৌৰনিগমক সমালোচনা কৰে।
গীৰ্জা ঘৰটো থকা মাটিখিনি ১২ বছৰ পূৰ্বে ফৰিদাবাদৰ Syro-Malabar Diocese ক ধৰ্মীয় কামকাজৰ বাবে দান কৰা হৈছিল।
অৰুণাচল প্ৰদেশত এটা গীৰ্জা নিৰ্মাণৰ সময়ত বাধা দিয়া আৰু মণিপুৰত গীৰ্জাসমূহ ভাঙি পেলোৱাৰ বাবে দিয়া নিৰ্দেশে উত্তৰ-পূবৰ ৰাজ্য কেইখনত সৃষ্টি কৰা বিৰূপ প্ৰতিক্ৰিয়াৰ কথা উল্লেখ কৰি তেওঁ দিল্লী চৰকাৰৰ এই সিদ্ধান্তই পুনৰ এক নেতিবাচক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে।
‘চৰকাৰ আৰু পৌৰনিগমক আমি জনসাধাৰণৰ ধৰ্মীয় অনুভূতিত আঘাত নকৰিবলৈ আৰু দেশৰ ধৰ্মীয় সংহতিত ব্যাঘাত নজন্মাবলৈ আহ্বান জনাইছো,’ তেওঁ কয়।
ইংৰাজীত পঢ়ক : Northeast bishops condemn church demolition in Delhi