গুৱাহাটীঃ গুৱাহাটীৰ মাছখোৱাৰ আই টি এ প্ৰকল্পত অনুষ্ঠিত হ’ব ‘উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় ফেশ্বন সপ্তাহ’২০২১।

দুদিনীয়া কাৰ্যসূচীৰে অহা ২৩ আৰু ২৪ এপ্ৰিলত অনুষ্ঠিত হ’ব উত্তৰ-পূবৰ বহু প্ৰতীক্ষিত ফেশ্বন শ্ব’ খনি।

উত্তৰ-পূবৰ বাৰেৰহণীয়া হস্ততাঁত আৰু হস্তশিল্পৰ প্ৰচাৰ কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য।

এইবাৰো অনুষ্ঠানত দেশী-বিদেশী বহুকেইগৰাকী ফেশ্বন ডিজাইনাৰে তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শন কৰিব।

আৰু পঢ়কঃ টেংগাম চেলিন কয়ুৰ শিৰত জিলিকিল ”কিং ফিছাৰ মিছ অৰুণাচল২০২১”ৰ মুকুট

এইবাৰৰ অনুষ্ঠানত ডিজাইনসহ অংশ ল’ব মনীষা ৰাজবংশী, সুস্মিতা মণ্ডল (নেপাল), পায়েল বিশ্বাস (পশ্চিম বংগ), হুয়াংপি ৰাণী গোহাঁইৰ দৰে উদীয়মান ফেশ্বন ডিজাইনাৰসকলে।

লগতে নিতু চক্ৰৱৰ্তী দাস, হৰ্ষ বি চৌধুৰী (মুম্বাই), জেনু দৌয়ুম, নাবাম য়াছিং (অৰুণাচল প্ৰদেশ), পূৰৱী বৰা, সুজাতা বড়ো, গিগি (ছিকিম), লাজু লেপচা, ৰিচা ৰাভা, নোৱেলানি মুছাহাৰী, ৰাখী সিংঘা, দেৱী দে, (পশ্চিম বংগ), কাজল কুমাৰী, চনি সাহানি চৌধুৰী, ৰাজদীপ কুণ্ডু, মনালিছা দাস, অনীশা শৰ্মা, প্ৰকৃতি ধামালা, অৰবিন টনজাম (মণিপুৰ), বন্দিতা দাস, ৰাজলক্ষ্মী পল, মেধাছঃ দ্য ফ্লেয়াৰ শ্বপ (কলকাতা), আলোকা ৰাভা, জ্যোতি বেইপি (কাৰ্বি আংলং), চাৰা মিৰাজ (দিল্লী), মুকেশ ডুবে (দিল্লী) আৰু লেকমে ফেশ্বন সপ্তাহৰ পৰা ভাৰতৰ দুজন অতি বিশিষ্ট ডিজাইনাৰেয়ো অংশ ল’ব।

উত্তৰ-পূবৰ অন্যতম শ্ৰেষ্ঠ ফেশ্বন ডিজাইনাৰ প্ৰশান্ত ঘোষৰ অধীনত ক্ৰিয়েটিভ পিপলে ২০১৫ চনৰ পৰা এই অনুষ্ঠানটো আয়োজন কৰি আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply