নৰ্থইষ্ট লঞ্চপেড

আপুনি এগৰাকী ষ্টাৰ্ট-আপ ব্যৱসায়ী নেকি? ক’ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে আন বহুজনৰ দৰে হয়তো আপুনিয়ো ব্যৱসায়ত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগীয়া হৈছে। দুৰ্দিনৰ এই সময়খিনিত আপোনাৰ বাবে ইষ্টম’জ’য়ে লৈ আনিছে এক বিশেষ সুযোগ।

ইষ্টম’জ’ৰ উদ্যোগত প্ৰথমবাৰৰ বাবে উত্তৰ-পূবৰ উচ্চাকাংক্ষী উদ্যোগীসকলৰ বাবে আয়োজন তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিবলৈ এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপৰ নাম হ’ল  নৰ্থইষ্ট লঞ্চপেড।

হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ডি আই ৱাই ই (DIY) ই-কমাৰ্চ বিল্ডাৰ আৰু পে’মেণ্ট গে’টৱে ইনষ্টাম’জ’ৰ সহযোগত আয়োজন কৰিবলৈ লোৱা নৰ্থইষ্ট লঞ্চপেড হৈছে উত্তৰ-পূবৰ সৰ্ববৃহৎ ব্যৱসায়িক পৰিকল্পনা অনুষ্ঠান (ইভেণ্ট)।

নৰ্থইষ্ট লঞ্চপেড হৈছে উত্তৰ-পূবৰ আটাইতকৈ বৃহৎ অনলাইন বি-প্লেন ইভেণ্ট যাৰ জৰিয়তে উদ্যোগীসকলে তেওঁলোকৰ সপোন বাস্তৱায়িত কৰিবলৈ এখন মঞ্চ পাব। যদিহে আপুনি নিজৰ ই-কমাৰ্চ ব্যৱসায় বা এটা ফুড ডেলিভাৰী ব্যৱসায় আৰম্ভ কৰিছে তেন্তে এই ইভেণ্টে আপোনাক নিজৰ সপোন বাস্তৱায়িত কৰাত সহায় কৰিব।

উক্ত ইভেণ্টত যোগদান কৰি আপুনি নগদ ৫০,০০০ টকাৰ অনুদানৰ উপৰি ১০ লাখ টকা পৰ্য্যন্ত বেনিফিট লাভ কৰিব পাৰিব।

বি-প্লেন প্ৰতিযোগিতাখন এনেদৰে পৰিকল্পনা কৰা হৈছে যাতে সকলো উদ্যোগীয়ে তেওঁলোকৰ ব্যৱসায়িক লক্ষসমূহক অধিক ফলপ্ৰসু কৰিবলৈ বাস্তৱসন্মত অভিজ্ঞতা লাভ কৰে। উদ্যোগীসকলক অনলাইন ছেলিং, মাৰ্কেটিং, কম্প্লায়েন্স আৰু ফাণ্ডিঙৰ কেইগৰাকী উৎকৃষ্ট বিশেষজ্ঞই গাইড কৰিব। উদ্যোগীসকলৰ প্ৰডাক্টৰ এখন বজাৰ তৈয়াৰ কৰা আৰু পুঁজি যোগানৰ বাবে আৱশ্যকীয় এলিভেটৰ পিটছসমূহক অধিক আকৰ্ষণীয় কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সহায় কৰিব।

ইনষ্টাম’জ’য়ে আপোনালোকৰ বাবে এই ইভেণ্ট লৈ আনিছে। তেওঁলোকে সমগ্ৰ ভাৰতত ১৫ লাখতকৈ অধিক ব্যৱসায়ীক সহজে নিজৰ ই-কমাৰ্চ ৱেবছাইট খোলাৰ লগতে চলাবলৈ সক্ষম কৰি তুলিছে। নৰ্থইষ্ট লঞ্চপেডৰ উদ্যোক্তা হৈছে ইষ্টম’জ’। ইষ্টম’জ’ হৈছে উত্তৰ-পূবৰ এটা আগশাৰীৰ সংবাদ আৰু কন্টেণ্ট প্লেটফৰ্ম। ইষ্টম’জ’ৰ গড়ে ১০ লাখ + মাহিলি ভিউৱাৰশ্বিপ থকাক লগতে সামাজিক মাধ্যমত ৩ লাখ+ ফলৱাৰ্ছ আছে।

নৰ্থইষ্ট লঞ্চপেডৰ মূল দিনকেইটা –

পঞ্জীয়নৰ আৰম্ভণি : ৫ জুলাই, ২০২১

পঞ্জীয়নৰ সামৰণি : ৫ আগষ্ট, ২০২১

ব্যৱসায়িক প্লেন দাখিল কৰাৰ অন্তিম দিন : ৫ আগষ্ট, ২০২১

শীৰ্ষ ১০ গৰাকীৰ তালিকা প্ৰস্তুত : ১০ আগষ্ট, ২০২১

ইষ্ট ছ’চিয়েল ষ্টাৰৰ ঘোষণা : ১৫ আগষ্ট, ২০২১

১০ টা শীৰ্ষ অনলাইন ব্যৱসায়িক প্লেনৰ পিটছ : আগষ্ট ২১, ২০২১

পুৰস্কাৰসমূহ

শীৰ্ষ ১০ গৰাকীৰ ভিতৰৰ পৰা আমাৰ বিচাৰকে এগৰাকী বিজেতা নিৰ্বাচন কৰিব। বিজেতা গৰাকীয়ে লাভ কৰিব –

  • ৫০,০০০ টকাৰ নগদ অনুদান
  • ১ বছৰৰ বাবে ইন্সটাম’জ’ প্ৰিমিয়াম ষ্ট’ৰৰ বাৰ্ষিক গ্ৰ’থ প্লেন
  • ডি আই এফ এম (DIFM) ফিচাৰ্চ উপলব্ধ থাকিব
  • ৫০০০ ম’জ’প্লাছ পইণ্টছ
  • ব্যৱসায়ত কৃতকাৰ্য্যতা লাভৰ বাবে পি আৰ (PR) কভাৰেজ
  • ব্যৱসায়িক / জিএছটিৰ বিনামূলীয়া পঞ্জীয়ন
  • বিজ্ঞাপন অনা, লিড জেনেৰেশ্যন, কন্টেণ্ট মাৰ্কেটিং আদিত এমাহৰ বাবে বিনামূলীয়া প্ৰশিক্ষণ।
  • এ আই চি-এছ এম ইউ টি বি আই (AIC-SMUTBI)ৰ ইনকিউবেশ্যন প্ৰ’গেমত ডাইৰেক্ট এন্ট্ৰি আৰু ১০ লাখ টকালৈকে সুবিধা।

ইষ্ট ছ’চিয়েল ষ্টাৰৰ সুবিধাসমূহ

  • ক্ষুদ্ৰ ব্যৱসায়টোৰ প্ৰতি এটা সামাজিক মাধ্যমৰ স্বীকৃতিৰ চিন স্বৰূপে এখন ছপা কৰিব পৰা ডিজিটেল চাৰ্টিফিকেট।
  • ইনষ্টাম’জ’ৰ লেণ্ডিং পেজসমূহত এটা লেখা প্ৰকাশ পাব
  • ইনষ্টাম’জ’ৰ কন্টেণ্ট এচ্চেটছ সমূহত কেইবাটাও লেখা প্ৰকাশ পাব
  • সামাজিক মাধ্যমত প্ৰকাশ পাব
  • নিউজলেটাৰ শ্বাউটআউটছ
  • পডকাষ্টৰ অতিথি
  • ব্ল’গত সাক্ষাৎকাৰ প্ৰকাশ পাব

উদ্যোগী সকলৰ পিটছ আৰু ব্যৱসায়ৰ বিচাৰ-বুদ্ধি অধিক উন্নত কৰিবলৈ নৰ্থইষ্ট লঞ্চপেডে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ৱেবিনাৰ আয়োজন কৰিব। এই ইভেণ্টত লিগেলৱিজ (LegalWiz) কম্প্লায়েন্স পাৰ্টনাৰ হিচাপে থকাৰ লগতে আপগ্ৰ’থ (Upgrowth) আৰু ডিয়াছ্ৰা (Deasra) মাৰ্কেটিং পাৰ্টনাৰ তথা এ আই চি এছ এম ইউ টি বি আই (AIC SMUTBI) ইনকিউবেশ্যন পাৰ্টনাৰ হিচাপে থাকিব।

এইটো উত্তৰ-পূবৰ প্ৰথমটো এনেধৰণৰ ইভেণ্ট য’ত আপুনি আপোনাৰ সপোনৰ ষ্টাৰ্ট-আপটোক গঢ়ি তোলাৰ দিশত জ্ঞান আহৰণৰ আৰু প্ৰতিদ্বন্দ্বিতাত নমাৰ সুযোগ লাভ কৰিব।   

নৰ্থইষ্ট লঞ্চপেডে আপোনাক www.northeastlaunchpad.com –ত গৈ এই ইভেণ্টত পঞ্জীয়ন কৰিবলৈ আমন্ত্ৰণ জনাইছে। ইনষ্টাম’জ’ত (লিংক – https://imjo.in/8ce5Wa) আপোনাৰ বিনামূলীয়া অনলাইন ষ্ট’ৰ খোলক। কিদৰে বিনামূলীয়া ষ্ট’ৰ খুলিব জানিবলৈ এইটো টিউটোৰিয়েল চাওক (হাইপাৰলিংক – https://www.youtube.com/watch?v=DVNf1oWNIGk)।

লগতে পঢ়ক : ক’ভিড আক্ৰান্ত লোকে কেনে ডায়েট গ্ৰহণ কৰিব লাগে? জানক বিশেষজ্ঞৰ পৰামৰ্শ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply