ঋতিক শৰ্মা : আমেৰিকাৰ মেৰিলেণ্ড বিশ্ববিদ্যালয় (University of Maryland)-ৰ এদল বিজ্ঞানীয়ে চলোৱা এক অধ্যয়নত প্ৰকাশ পোৱা মতে ২০২০ চনত উত্তৰ-পূবত ৫ৰ পৰা ১৪ শতাংশ কেনপি ক’ভাৰ (বৃক্ষ আচ্ছাদন) লোপ পাইছে।

কেইবা লক্ষাধিক ছেটেলাইট ইমেজ অধ্যয়নৰ জৰিয়তে গৱেষকৰ দলটোৱে এই কথা ঠাৱৰ কৰিছে।

উক্ত অধ্যয়নৰ সময়ত তেওঁলোকে বনাঞ্চল ভূমিত ঘটা ক্ষুদ্ৰতম পৰিৱৰ্তনৰ মান নিৰূপণ কৰাৰ উদ্দেশ্যে এক বিশেষ এলগৰিদম (algorithm) ব্যৱহাৰ কৰিছিল যাৰ জৰিয়তে প্ৰতিটো বৃক্ষ আচ্ছাদন (tree canopy)-ৰ বিলুপ্তিৰ মান (individual pixel value) নিৰ্ণয় কৰিব পাৰি।

বিজ্ঞানীসকলে কেনপি ক’ভাৰৰ বিলুপ্তিক ‘বৃক্ষ আচ্ছাদনৰ সম্পূৰ্ণ বিলুপ্তি’ হিচাপে অভিহিত কৰিছে।

কেনপি স্তৰ লোপ পোৱাৰ মূল কাৰক সমূহ হৈছে – বনাঞ্চল ধ্বংস, কাঠ কটা কাৰ্য্যৰ লগতে বনজুই, ধুমুহা আদি প্ৰাকৃতিক দুৰ্যোগ।

উক্ত অধ্যয়নৰ মতে এই সময়ছোৱাত অসমতে দেশৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ (১৪.১ শতাংশ) কেনপি ক’ভাৰ লোপ পাইছে।

২০১০ চনত অসমত ২.৪২ মিলিয়ন হেক্টৰ (মুঠ মাটিকালিৰ ৩৩ শতাংশ) জুৰি প্ৰাকৃতিক বনাঞ্চল ভূমি আছিল। ২০২০ চনত ৰাজ্যখনত ১৭.৪ কিলো হেক্টৰ বনাঞ্চল ভূমি লোপ পায়, এইয়া ৮.০৪ মেট্ৰিক টন কাৰ্বন নিৰ্গমণৰ সমপৰ্য্যায়ৰ।

২০০২ আৰু ২০২০ চনৰ ভিতৰত অসমত ৫৯.০ কিলো হেক্টৰ আৰ্দ্ৰ বনাঞ্চল লোপ পাইছে যাৰ ফলত উক্ত সময়ছোৱাত ৰাজ্যখনৰ মুঠ বৃক্ষ আচ্ছাদনৰ ২৩ শতাংশ নাইকিয়া হৈ পৰিছে। এই সময়ছোৱাত অসমৰ ৭.৪ শতাংশ আৰ্দ্ৰ বনাঞ্চলৰ বিলুপ্তি ঘটিছে।

২০০১-ৰ পৰা ২০২০ চনৰ সময়ছোৱাত গড় হিচাপত ৯.৯৪ কিলো হেক্টৰ কেনপি ক’ভাৰৰ বিলুপ্তি ঘটাৰ বিপৰীতে অকল কাৰ্বি আংলঙতে সৰ্বাধিক ৯৭.৪ কিলো হেক্টৰ কেনপি ক’ভাৰ লোপ পাইছে।

উত্তৰ-পূবৰ বাকী ৰাজ্যসমূহতো এই সময়ছোৱাত প্ৰাকৃতিক বনাঞ্চলসমূহ ধ্বংসৰ গৰাহত পৰিছে।

অৰুণাচল প্ৰদেশত ২০০১ৰ পৰা ২০২০ চনৰ ভিতৰত ২২২ কিলো হেক্টৰ (৩.৫ শতাংশ) বৃক্ষ আচ্ছাদনৰ বিলুপ্তি ঘটিছে। ২০২০ চনত ৰাজ্যখনৰ ১২.৬ কিলো হেক্টৰ প্ৰাকৃতিক বনাঞ্চলৰ বিলুপ্তি ঘটে, সেয়া ৬.৬৩ মেট্ৰিক টন কাৰ্বন নিৰ্গমণৰ সমপৰ্যায়ৰ।

একেদৰে মণিপুৰত এই সময়ছোৱাত ৪৩.১ কিলো হেক্টৰ (৭.৫ শতাংশ) আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চলৰ বিলুপ্তি ঘটাৰ লগতে ১৯৬ কিলো হেক্টৰ (১২ শতাংশ) বৃক্ষ আচ্ছাদন লোপ পাইছে।

লগতে পঢ়ক : বিশ্ব ক্ষুধা সূচ্যাংকত : বাংলাদেশ, পাকিস্তান, নেপালতকৈ তলত ভাৰতৰ স্থান

২০১০ চনত মেঘালয়ত ১.৪৭ মিলিয়ন হেক্টৰ প্ৰাকৃতিক বনাঞ্চল ভূমি আছিল, কিন্তু ২০২০ চনত ৰাজ্যখনে ১২.৬ হেক্টৰ বনাঞ্চল ভূমি হেৰুৱায়। ২০০২ৰ পৰা ২০২০ চনলৈ ৰাজ্যখনত ৪২.৪ কিলো হেক্টৰ (৮.৩ শতাংশ) আৰ্দ্ৰ বনাঞ্চল লোপ পোৱাৰ বিপৰীতে এই সময়ছোৱাত ১৯৫ কিলো হেক্টৰ (১২ শতাংশ) বৃক্ষ আচ্ছাদন হ্ৰাস পায়।

মিজোৰামত ২০২০ চনত ২৪.১ কিলো হেক্টৰ প্ৰাকৃতিক বনাঞ্চলৰ বিলুপ্তি ঘটে। ২০০২ৰ পৰা ২০২০ চনৰ ভিতৰত ৰাজ্যখনত ১৪.৪ কিলো হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল লোপ পোৱাৰ বিপৰীতে ২০০১ চনৰ পৰা ২০২০ চনৰ ভিতৰত মিজোৰামত ২৪৭ কিলো হেক্টৰ (১৩ শতাংশ) বৃক্ষ আচ্ছাদন হ্ৰাস পাইছে।

একেদৰে ২০২০ চনত নাগালেণ্ডৰ ১৫.২ কিলো হেক্টৰ প্ৰাকৃতিক বনাঞ্চল লোপ পায়। ২০০২ চনৰ পৰা ২০২০ চনলৈ ৰাজ্যখনৰ ২৯.২ কিলো হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চলৰ বিলুপ্তি ঘটাৰ লগতে ২০০১ চনৰ পৰা ২০২০ চনলৈকে নাগালেণ্ডৰ ২২৫ কিলো হেক্টৰ (১৭ শতাংশ) বৃক্ষ আচ্ছাদন হ্ৰাস পায়।

আনহাতে ত্ৰিপুৰাত ২০১০ চনত ৫৬০ কিলো হেক্টৰ প্ৰাকৃতিক বনাঞ্চল ভূমি আছিল যদিও ২০২০ চনত ১১.৩ কিলো হেক্টৰ বনাঞ্চল ভূমিৰ বিলুপ্তি ঘটে।

২০০২ চনৰ পৰা ২০২০ চনলৈকে ৰাজ্যখনে ৯৭ হেক্টৰ আৰ্দ্ৰ প্ৰাথমিক বনাঞ্চল হেৰোৱাৰ লগতে ২০০১ চনৰ পৰা ২০২০ চনৰ ভিতৰত ত্ৰিপুৰাত ১০২ কিলো হেক্টৰ (১৫ শতাংশ) বৃক্ষ আচ্ছাদন হ্ৰাস পাইছে।

ইংৰাজীত পঢ়ক : Northeast lost 5-14% of canopy cover in 20 years, Assam on top: Study

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,536 other subscribers

Leave a comment

Leave a Reply