নিউজ ডেস্ক : কেন্দ্ৰৰ পূৰ্বৰ চৰকাৰ সমূহে উত্তৰ-পূবক অৱহেলা কৰি আহিছিল, এই মন্তব্য প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মঙলবাৰে মণিপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰধান মন্ত্ৰী গৰাকীয়ে এই অভিযোগ কৰে।

আজি মণিপুৰত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনত ৪,৮১৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ২২ টা উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰি কয় যে অনাগত দিনত উত্তৰ-পূব ভাৰতৰ বিকাশৰ ‘গে’টৱে’ হৈ উঠিব।

প্ৰধান মন্ত্ৰী গৰাকীয়ে ইম্ফল স্মাৰ্ট চিটি মিছনৰ বাবে এটা Integrated Command and Control Centre , এখন ২০০ খন বিছনাযুক্ত অৰ্ধ-স্থায়ী ক’ভিড হাস্পিটাল, পাঁচটা প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰকল্পকে ধৰি আন বহু কেইটা অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

আধাৰশিলা স্থাপন কৰি নিজৰ ভাষণত মোদীয়ে কয়, ”পূৰ্বে দিল্লীত যিসকলে চৰকাৰ চলাইছিল তেওঁলোকে মণিপুৰক অৱহেলা কৰি আহিছিল যাৰ ফলত ইয়াৰ জনসাধাৰণ বিচ্ছিন্ন হৈ পৰে। মই প্ৰধান মন্ত্ৰী হোৱাৰ পিছতে দিল্লীক মণিপুৰ তথা উত্তৰ-পূবৰ দুৱাৰদলিলৈ লৈ আনিছো।”

উল্লেখযোগে যে চলিত বৰ্ষৰ মাৰ্চৰ ভিতৰত মণিপুৰকে ধৰি ভাৰতৰ ৫ ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া আন ৰাজ্য কেইখন হৈছে উত্তৰ-প্ৰদেশ, পঞ্জাব, উত্তৰাখণ্ড আৰু গোৱা।

লগতে পঢ়ক : কমাৰগাঁৱত তীব্ৰ বেগী বাহনে মহতিয়ালে মটৰচাইকেল আৰোহীক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply