জনপ্ৰিয় লেখক অনুজ বৰুৱাৰ আজি মৃত্যু৷ ৫৭ বছৰ বয়সত মৃত্যু অনুজ বৰুৱাৰ৷‘মহা অৰণ্য’ উপন্যাসৰ বাবে বিখ্যাত আছিল বৰুৱা৷
পেট্ৰ’লিয়াম বায়’টেকন’লজীত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা জনপ্ৰিয় লেখক অনুজ বৰুৱাই লোভনীয় চাকৰি এৰি কৃষি কৰ্মত নিয়োজিত হৈছিল৷ক্ষেত্ৰীত স্থাপন কৰিছিল ‘কৃষি-জিজ্ঞাস’ নামৰ কৃষিপাম।
ক্ষেত্ৰীত বৰুৱাই স্থাপন কৰিছিল ‘আলহী ঘৰ’৷অনুজ বৰুৱাৰ মৃত্যুত অনুৰাগীৰ মাজত শোকৰ ছাঁ পৰিছে।
সাঁচি গছৰ প্ৰযুক্তিৰ সহায়ত আগৰ সংশাধন আৰু থলুৱা পানীয় সমূহৰ যান্ত্ৰিক ফাৰ্মেন্টেচনৰ বহু পৰীক্ষা নিৰীক্ষাত ব্যস্ত থকা অনুজ বৰুৱা অসমত আৰ্বান গাৰ্ডেনিং, টেৰেছ গাৰ্ডেনিঙৰো পথ প্ৰদৰ্শক আছিল।
ভোট জলকীয়াৰ বিজ্ঞান সন্মত কৃষি প্ৰণালী গঢ় দিয়া আৰু বজাৰ-ৰপ্তানিৰ পথ অন্বেষণ কৰা, অন্যন্য থলুবা উৎপাদনৰ বজাৰ তৈয়াৰত ব্যস্ত আছিল।বায়’ টৈকনলজীৰ ডক্টৰেট ডিগ্ৰিধাৰী হৈও মোটা দৰমহাৰ চাকৰি এৰি খেতিয়ক হ’বলৈ অহা অনুজ বৰুৱাই কৃষি ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ একাংশৰ উদ্যোগত চলাই থকা সংগ্ৰাম আধৰুৱাকৈ সামৰি আতৰি গ’ল।