কুঠৰীৰ আইদেউ প্ৰেমদা ফুকননীৰ দেহাৱসান। ৯৬ বছৰ বয়সত গুৱাহাটীৰ এখন ব্যক্তিগত হস্পিটালত মৃত্যু হয় মহিয়সী নাৰী গৰাকীৰ।কাজিৰঙা-কুঠৰীৰ উন্নয়ন আৰু অভয়াৰণ্যৰ ক্ষেত্ৰত
স্বামী শিল্পপ্ৰাণ চন্দ্ৰ ফুকনৰ সমানেই প্ৰেমদা আইদেউৰ অবদান কুঠৰীবাসীয়ে সদায়েই মনত ৰাখিব।

নগাঁৱৰ পৰা কুঠৰীলৈ গৈ মৌজাদাৰৰ দায়িত্ব লৈ শিল্পপ্ৰান চন্দ্ৰ ফুকন আৰু প্ৰেমদা ফুকননীয়ে স্থায়ী ভাবে থাকিবলৈ লৈছিল যদিও দৰিদ্ৰজনক সহায় কৰিবলৈ গৈ এটা সময়ত মৌজাৰ দায়িত্ব হেৰুৱাব লগা হৈছিল ৷

ভূপেন হাজৰিকাৰ সৈতে অতি ঘনিষ্ঠ এই পৰিয়ালটোৱে ভূপেন হাজৰিকাকো এটি ঘৰ আগবঢ়াইছিল। শিল্পপ্ৰান চন্দ্ৰ ফুকনৰ লগতে আইদেউ প্ৰেমদা ফুকননীয়ে সদায়েই অঞ্চলটোৰ বিকাশৰ বাবে গুৰুত্ব দিছিল।

ভূপেন হাজৰিকাৰ মতে “অঞ্চলটোক পৰ্যটনৰ বিকাশৰ বাবে প্ৰেমদা আইদেউৰ বিস্তৰ অৱদান আছে। বিদেশী পৰ্যটকক ঘৰতে ৰাখি এটা সময়ত কাজিৰঙাক বিশ্ববাসীৰ ওচৰত চিনাকী কৰাই দিয়াৰ দায়িত্ব অকলেই পালন কৰা গৈছিল আইদেউৱে। এতিয়াহে কাজিৰঙাৰ আশে পাশে আলহী ঘৰ ভৰি পৰিল কিন্তু যি সময়ত নাছিল সেই সময়ত আইদেউৰ হাউলীতে
দেশী বিদেশী পৰ্যটকৰ ভীৰ হৈছিল। “পৰ্যটকৰ চফৰ মানেই মৌজাদাৰ চন্দ্ৰ ফুকন-আইদেউৰ ঘৰ।
ফুকনৰ জীপগাড়ী, নহ’লে ফৰেষ্টৰ হাতী, নিশালৈ ফুকনৰ হাউলীত কেম্প ফায়াৰ।”

বনবিভাগৰ হাতীৰ দ্বাৰা হাতী চাফাৰী কৰাত গুৰুত্ব দিছিল যাতে পৰ্যটকৰ আৰ্কযণ বাঢ়ে। প্ৰেমদা ফুকননীয়ে কুঠৰীৰ সম্পত্তি পৰ্যটনৰ বাবে দান দি গৈছে ৷ সেই ভূমিতে পৰ্যটন বিভাগে পৰ্যটকৰ সুবিধা বাবে আঁচনি আৰম্ভ কৰিছে ৷

লগতে পঢ়ক- তাৰালাংচ’ত কাৰ্বি যুৱ মহোৎসৱৰ প্ৰস্তুতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply