বিশিষ্টা লেখিকা অনিমা গুহৰ দেহাৱসান। উলুবাৰীস্থিত বাসভৱনত মৃত্যু হৈছে অনিমা গুহৰ।
প্ৰখ্যাত নিবন্ধকাৰ অমলেন্দু গুহৰ পত্নী আছিল অনিমা গুহ। ৯০বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অনিমা গুহে।
তেওঁৰ মৃত্যু অনুৰাগীসকলৰ শোকপ্ৰকাশ।সাম্প্ৰতিক অসমৰ নাৰীবাদ চচাৰ্ৰ বাটকটীয়াসকলৰ ভিতৰত অনিমা গুহ অন্যতম৷
অসমত বৈজ্ঞানিক দৃষ্টিকোণেৰে বিশ্লেষণাত্মক প্ৰবন্ধ-পাতি লেখা মহিলাৰ সংখ্যা নিচেই কম৷ সেইসকলৰ ভিতৰত ড॰ অনিমা গুহ অন্যতম৷ ষাঠীৰ দশকৰ পৰাই তেওঁ নতুন অসমীয়া, আমাৰ প্ৰতিনিধি, অসম বাণী আদিত মাজে-সময়ে গল্প-প্ৰবন্ধ লিখি আহিছিল যদিও ১৯৯১ চনৰ পৰাহে যতি নপৰাকৈ লিখিবলৈ লয়৷ দুখনকৈ আত্মজীৱনীকে ধৰি এতিয়ালৈকে প্ৰকাশিত তেওঁৰ বহুকেইখন গ্ৰন্থ আৰু বাতৰি কাকত, আলোচনীত প্ৰকাশিত প্ৰবন্ধসমূহে অসমৰ নাৰী মুক্তি আন্দোলন, যুক্তিবাদী আন্দোলন, অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী আন্দোলন গঢ়ি তোলাত বিশেষ বৰঙণি যোগাইছে৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “বিশিষ্ট সাহিত্যিক, চিন্তাবিদ ড: অনিমা গুহৰ বিয়োগত মই মৰ্মাহত হৈছোঁ৷ তেখেতৰ বিয়োগত ৰাজ্যখনে বৌদ্ধিক দিশৰ এগৰাকী উজ্জ্বল নক্ষত্ৰক হেৰুৱালে৷ বিশিষ্ট সাহিত্যিক তথা চিন্তাবিদগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷”
বিশিষ্ট লেখিকা ড° অনিমা গুহ বাইদেউৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, সাহিত্য জগতৰ উপৰিও শিক্ষা আৰু নাৰীৰ সবলীকৰণৰ দিশত তেখেতে প্ৰভূত অৱদান আগবঢ়াই থৈ গৈছে।
লগতে পঢ়ক নাজিৰা অ. এন. জি. চি. মুখ্য কাৰ্যালয়ৰ সন্মুখত সদৌ শিৱসাগৰ জিলা ছাত্ৰ-সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী