মানকাচৰ : দেশ তথা ৰাজ্যৰ অন্যান্য জিলাৰ দৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত প্ৰায় ২০ সহস্ৰাধিক ভুৱা কৃষকে প্ৰধানমন্ত্ৰী কৃষক আঁচনিৰ ধন লাভ কৰাত উক্ত ভুৱা কৃষকৰ নাম জিলা কৃষি বিভাগে চিনাক্ত কৰি ধন উভতাই দিয়াৰ বাবে ভুৱা কৃষকক জাননী প্ৰেৰণৰ ব্যৱস্থা হাতত লৈছে। উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলা কৃষি বিষয়া মইনুল হক জিলা প্ৰশাসনৰ সহযোগত প্ৰধানমন্ত্ৰী কৃষক আঁচনিৰ ধন লাভ কৰা প্ৰায় ২০ সহস্ৰাধিক লোকৰ নাম চিনাক্ত কৰিছে।
জিলাখনত প্ৰায় ৪৯ হেজাৰ প্ৰকৃত কৃষক আছে যদিও জিলাখনত এতিয়ালৈ প্ৰায় ১৭ হেজাৰ কৃষকৰ নাম প্ৰধানমন্ত্ৰী কৃষক আঁচনিৰ ৱেব পৰ্টেলত জিলা কৃষি বিভাগৰ ফালৰ পৰা অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু ৰহস্য জনকভাৱে জিলাখনৰ পৰা প্ৰায় ৩৭ হেজাৰ লোকৰ নাম অন্তৰ্ভুক্ত হোৱাত জিলা কৃষি বিভাগে ২০ হেজাৰ ভুৱা কৃষকক চিনাক্ত কৰিছে। ইতিমধ্যে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে জিলা প্ৰশাসন, ৰাজহ চক্ৰ বিষয়া আৰু গাওঁবুঢ়া সকলৰ জৰিয়তে এই আঁচনিৰ ধন লাভ কৰা প্ৰতি গৰাকী কৃষকৰ পৰা নথি পত্ৰ পুনৰীক্ষন কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে।
লগতে পঢ়ক : শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে পৰিদৰ্শন কৰে শিৱসাগৰৰ বহু কেইটা ঐতিহাসিক স্থান
একেটা পৰিয়ালৰ একাধিক লোক, নাবালক, চৰকাৰী কৰ্মচাৰীৰ নাম জিলা কৃষি বিভাগে ইতিমধ্যে কৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে তেওঁলোক ইতিমধ্যে লাভ কৰা এই আঁচনিৰ ধন উভতাই দিব লাগিব বুলি জাননী প্ৰেৰণৰ ব্যৱস্থা হাতত লৈছে। একেদৰে ভুৱা কৃষক সকলেও লাভ কৰা আঁচনিৰ ধন উভতাই নিদিলে জিলা কৃষি বিভাগৰ পৰা গোচৰ ৰজু কৰা হ’ব বুলি জিলা কৃষি বিভাগে জানিবলৈ দিয়ে। বিভাগে অবৈধভাৱে লাভ কৰা আঁচনিৰ ধন সকলোকে উভতাই দিবলৈ আহ্বানো জনায়।