নিউজ ডেস্ক : অসম-মিজোৰাম সীমা সমস্যাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ মাজত থকা সম্পৰ্ক ক্ৰমাৎ অধিক অৱনতি ঘটিবলৈ ধৰিছে। শেহতীয়াকৈ মিজোৰামে অসমৰ বিৰুদ্ধে মানৱ অধিকাৰ ভংগৰ অভিযোগ আনিছে।

দেওবাৰে মিজোৰামৰ কোলাচিব জিলাপ উপায়ুক্ত H. Lalthlangliana –এ কাচাৰৰ উপায়ুক্ত কীৰ্থি জাল্লি (Keerthi Jalli)লৈ দিয়া এখন পত্ৰত যোৱা ১০ জুলাইত দুয়োখন ৰাজ্যৰ মাজত থকা আন্তঃৰাজ্যিক সীমান্তত সৃষ্টি জটিল পৰিস্থিতিৰ সময়ত অসমৰ বিষয়াই মিজোৰামৰ গাঁওবাসীৰ ওপৰত নিৰ্য্যাতন চলোৱাৰ লগতে মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ আনে।

উক্ত পত্ৰৰ প্ৰতিলিপি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ প্ৰেৰণ কৰা হৈছে বুলি মিজোৰামৰ এগৰাকী বিষয়াই জানিবলৈ দিয়ে।

পত্ৰখনত উল্লেখ কৰা মতে যোৱা ১০ জুলাইত কোনো আগতীয়া জাননী নিদিয়াকৈ অসম চৰকাৰে সীমান্তত পথ নিৰ্মাণৰ কাম হাতত লয় আৰু আৰক্ষীৰ সহযোগত অসমৰ বিষয়াসকলে মিজোৰামৰ ফাইনুৱাম গাঁৱৰ লোকসকলে কৰা খেতি ধ্বংস কৰি পেলায়।

মিজো গাঁওবাসীয়ে ইয়াৰ প্ৰতিবাদ কৰাত তেওঁলোকক অসম আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ লোকে বল প্ৰয়োগেৰে সেই স্থানৰ পৰা আঁতৰাই পথাই বুলি পত্ৰখনত অভিযোগ কৰা হয়।

পত্ৰখনত লগতে কোৱা হয় যে অসমৰ বিষয়াসকলৰ এই কাৰ্য্যই মানৱ অধিকাৰ উলংঘন কৰাৰ লগতে The Scheduled Castes and Scheduled Tribes (Prevention of Atrocities) Act, 1989 –ৰ ধাৰা ৩ (জি)ৰ অধীনত ই শাস্তি পোৱাৰ যোগ্য।

ইয়াৰ পূৰ্বে মিজো খেতিয়কসকলৰ খেতি পথাৰ নষ্ট কৰাৰ বাবে যোৱা ১২ জুলাইত মিজোৰামৰ গৃহ মন্ত্ৰী লালচামলিয়ানাই অসম চৰকাৰৰ পৰা ক্ষতিপুৰণৰ দাবী কৰিছিল।

অৱশ্যে অসমৰ বিষয়াসকলে মিজোৰাম চৰকাৰে তোলা অভিযোগ অস্বীকাৰ কৰি ওলোটাই মিজোৰামৰ লোকেহে অসমৰ ৬ কিঃমিঃ ভূমি বেদখল কৰা বুলি অভিযোগ কৰি তেওঁলোকে উক্ত বেদখলকাৰীসকলক উচ্ছেদ কৰে বুলি দাবী কৰে।

অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ১২ জুলাইত বিধানসভা অধিৱেশনত মিজোৰামে বৰাক উপত্যকাৰ ১,৭৭৭.৫৮ হেক্টৰ ভূমিত বেদখল চলাই অহা বুলি সদৰী কৰিছিল।

ইয়াৰ পিছতে মিজোৰামৰ মুখ্য সচিব Lalnunmawia Chuaungo-এ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনা অভিযোগ নসাৎ কৰি ৰাজ্যখনে অসমৰ এক ইঞ্চি মাটিও বেদখল কৰা নাই বুলি দাবী কৰে।

তেওঁ কয় যে অসমে নিজৰ বুলি দাবী কৰি অহা অঞ্চলবোৰত যে মিজোসকলে শতিকা ধৰি বাস কৰি আহিছে তাক প্ৰমাণ কৰিব। মিজোৰামে অসমৰ ভূভাগত কোনো বেদখল চলোৱা নাই।

লগতে পঢ়ক : নিয়োগ বাৰ্তা : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমত ৪৬৬ পদত নিযুক্তি মুকলি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply