নাওবৈচাঃ দেশ মাতৃৰ সেৱাত ব্ৰতী থকাৰ সময়তে দুই চিআৰপিএফ জোৱানৰ ম্যাদী পট্টা মাটি একাংশ সন্দেহজনক লোকে বেদখল কৰাৰ ভয়াৱহ ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাওবৈচাত।

জানিব পৰা মতে নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ ৰামপুৰৰ অৰণ্যবস্তি গাৱঁৰ দুই চিআৰপিএফ জোৱান ভাতৃদ্বয় উত্তম সিংহ আৰু প্ৰদীপ সিংহ ক্ৰমে পঞ্জাৱ আৰু জম্মু- কাশ্মীৰত কৰ্মৰত।

দুই ভাতৃদ্বয়ৰ অৰণ্যবস্তি নামৰ গাঁৱৰ থকা ৫১নং ম্যাদী পট্টাৰ ২৪ বিঘা মাটি ২০১৪ চনৰ পৰাই ইনচান আলী, ইন্নাতুলা আলী,হুছেইন আলী, ফজৰ আলী, এন্নাতোলা আলী আৰু আমচৰ আলী নামৰ পাঁচজন সন্দেহজনক বাংলাদেশী লোকে দখল কৰি পকী ঘৰ বাৰী পাতি দখল কৰি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে চিআৰপিএফ ভাতৃদ্বয়েৰ কোনো হস্তাক্ষৰ নোলোৱাকৈ উক্ত ভূমি কেনেকৈ সন্দেহজনৰ লোকৰ নামত নামজাৰি হল সেয়াও ৰহস্যৰ বিষয় হিচাপে চৰ্চিত হৈছে।

ইফালে বেদখল কৰা ভূমি সন্দৰ্ভত চিআৰপিএফৰ মুখ্য কাৰ্যালয়ৰ পৰা যোৱা ২০১৫ চনতে লখিমপুৰ জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও বিষয়টো গুৰুত্বহীনভাৱে পৰি ৰৈছিল।

কিন্তু শেহতীয়াকৈ লখিমপুৰ জিলা প্ৰশাসন আৰু নাওবৈচা ৰাজহ চক্ৰ কাৰ্যালয়ৰ বিশেষ প্ৰচেষ্টাত আৰু লাটমণ্ডল কমল দত্তৰ তৎপৰতাত শনিবাৰে বেদখলীকৃত চাৰি বিঘা ভূমি দখলমুক্ত কৰে।

আৰু পঢ়কঃবাৰিষা অহাৰ লগে লগে ছিপাঝাৰৰ খেতি পথাৰত ব্যস্ত হৈ পৰিছে কৃষকসকল

নাওবৈচা ৰাজহ চক্ৰৰ লাট মণ্ডল সহ লখিমপুৰ সদৰ আৰু চিলনীবাৰীৰ বিশাল আৰক্ষী দলে চিআৰপিএফ ভাতৃদ্বয়ৰ বেদখলকৰা ভূমিৰ জেচিবিৰ সহায়ত দখলমুক্ত কৰি চাৰিসীমাও নিৰ্ধাৰণ কৰি দিয়ে।

অৱশ্যে, দখলীকৃত ২৪ বিঘা ভূমিৰ ভিতৰত জিলা প্ৰশাসনে ৪বিঘা ভূমিহে দখলমুক্ত কৰে যদিও বাকী ২০বিঘা ভূমি এতিয়াও দখলমুক্ত কৰা নাই।

জোৱানদ্বয়ৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে দখলমুক্ত নোহোৱা ২০বিঘা ভূমিৰ সন্দৰ্ভত বৰ্তমান লখিমপুৰ ন্যায়ালয়ত গোচৰ চলি আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply