শিৱসাগৰঃ শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পানবেচাৰ নাওজান আৰু ল’ৰাপুতা অঞ্চলবাসীয়ে যাতায়তৰ ক্ষেত্ৰত বছৰ-বছৰ ধৰি জ্বলা-কলা খাবলগীয়া হৈছে।
যি সময়ত চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আহিছে সেই সময়তো এখন দলঙৰ অভাৱত শ শ পৰিয়ালে এডাল বাঁহৰ সাঁকো, এখন টুলুঙা নাওৰে বিপদজনক ভাৱে অহা যোৱা কৰিবলগীয়া হৈছে। দলং নথকাৰ বাবেই এম্বুলেন্স এখনো যাব নোৱাৰাত বিভিন্ন সময়ত ৰোগীয়ে চিকিৎসা লাভৰ পূৰ্বেই প্ৰাণ হেৰুৱাইছে। পিছে এতিয়াও গা- লৰা নাই চৰকাৰ-প্ৰশাসনৰ।
আৰু পঢ়কঃযোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি মহিলা কৰ্মচাৰীক বৰ্খাস্ত
প্ৰতিটো নিৰ্বাচনৰ সময়ত ভোট লাভৰ স্বাৰ্থত ৰাজনৈতিক নেতা সকলে পকী দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে যদিও বাস্তৱত তেনে প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে। এই অঞ্চলত ঢুকি পোৱা নাই চৰকাৰী আঁচনিয়ে। পৰিণতিত দেশ স্বাধীনতাৰ ৭৪ বছৰে দুৰ্ভোগ ভুগি আহিছে পানবেছাৰ নাওজান আৰু ঐতিহাসিক ল’ৰাপুতাবাসীয়ে ।
ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ প্ৰতাৰণা বিৰুদ্ধে দেওবাৰে বহু সংখ্যক স্থানীয় ৰাইজ আৰু বীৰ লাচিত সেনাই ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীঘ্ৰেই দলং নিৰ্মাণৰ দাবী জনাইছে।