গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰস্থিত নাওকাটা -গোৰেশ্বৰ অসম গ্ৰামীণ বিকাশ বেংকত গ্ৰাহকৰ পাছবুক আধাৰকাৰ্ডৰ লগত লিংক কৰাৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে।
শাখাটোত কৰ্মৰত বিষয়াই প্ৰতিজন লোকৰ পৰা ৰচিদ অবিহনে ৬০টকাকৈ সংগ্ৰহ কৰি অহা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
বিষয়টোক লৈ একাংশ গ্ৰাহকৰ অভিযোগৰ ভিত্তিত আক্ৰাছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে শাখাটোৰ শাখা প্ৰবন্ধকক জবাবদিহি কৰে ৷
আৰু পঢ়কঃসোণাৰিত প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয় যোজনাৰ অধীনত সৌৰশক্তি চালিত নলীনাদ উদ্বোধন
প্ৰশ্নৰ উত্তৰত শাখা প্ৰবন্ধক গৰাকীয়ে ৰচিদ অবিহনে একাংশ গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰা বুলি আওপকীয়াকৈ স্বীকাৰ কৰাৰ লগতে বেংকৰ চাৰ্ভিছ চাৰ্জৰ বাবে আধাৰ লিংকৰ নামত ধন সংগ্ৰহ কৰা বুলি উল্লেখ কৰে।
আনহাতে উক্ত বিষয়টোৰ সন্দৰ্ভত ঊৰ্দ্ধতন কৰ্তৃপক্ষক তদন্তৰ দাবী জনাইছে আক্ৰাছুৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে ৷