গুৱাহাটী-ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণৰ পৰা বাদ পৰিব বহু লোকৰ নাম।২০১৯ বর্ষত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীকৰণ তালিকাত প্ৰকাশ পোৱা বহু লোকৰ নাম ভুৱা । এই তালিকাত অন্তৰ্ভুক্ত হোৱা ২০ শতাংশ লোকৰে নাম পুনৰ নিৰীক্ষণ কৰা হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে মন্ত্ৰী গৰাকীয়ে জনাই যে উচ্চতম ন্যায়ালয়ৰ অনুমতি ক্ৰমে নিৰ্বাচনৰ পিছত এই তালিকাৰ পুনৰ নিৰীক্ষণ কৰা হ’ব।

মন্ত্ৰী গৰাকীয়ে এই বিষয়ত এন আৰ চি ৰ সমন্বয়ক প্ৰতীক হাজেলাৰ হাত থকা বুলি উল্লেখ কৰে ।

এন আৰ চিত নাম অন্তৰ্ভুক্ত হোৱা ১৯ লাখ লোকৰ ভিতৰত হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা তেনেই নগণ্য আছিল ।

লগতে মন্ত্ৰী গৰাকীয়ে কয় ,’প্ৰতীক হাজেলাই এন আৰ চিৰ এখন ভুল তালিকা প্ৰস্তুত কৰিছে ।নিৰ্বাচনৰ পিছত এই তালিকা পুনৰ পৰীক্ষণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক আবেদন কৰা হৈছে।’

এই তালিকাখন পুনৰ নিৰীক্ষণ কৰাৰ প্ৰয়োজন আছে বুলি মন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত উল্লেখ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply