ৰাষ্ট্রীয় নাগৰিকপঞ্জী

নিউজ ডেস্ক: ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণৰ কাম–কাজত নিয়োজিত হৈ থকা ৪৫৫গৰাকী কর্মচাৰীক শেহতীয়াকৈ অব্যাহতি দিয়াৰ বাবে মহাপঞ্জীয়কৰ কার্যালয়ে ৰাজ্য চৰকাৰলৈ প্রেৰণ কৰা এক পত্রক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷

কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধীনস্থ মহাপঞ্জীয়কৰ কার্যালয়ে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগলৈ ১/৫/২০২০–এনআৰচি/১৫২৯৬ পত্রৰ জৰিয়তে নাগৰিকপঞ্জীৰ কামত নিয়োজিত হৈ থকা ৪৫৫জন কর্মচাৰীক তাৎক্ষণিকভাৱে অব্যাহতি দিয়াৰ বাবে নিৰ্দেশ দিছে৷ এই নির্দেশৰ ফলত কর্মচাৰীসকলৰ জীৱনলৈ অনিশ্চয়তা নমাই অনাৰ লগতে এন আৰ চিৰ কাম–কাজতো প্ৰভাব পৰিব৷

উল্লেখ্য যে এনআৰচিৰ কাম–কাজ আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে যোৱা ৪ মার্চত প্রতিমাহে ৩.২২ কোটি টকাৰ আৱশ্যক বুলি মহাপঞ্জীয়কৰ কার্যালয়লৈ এক পত্র প্রেৰণ কৰিছিল৷ উক্ত পত্রৰ পিছতেই মহাপঞ্জীয়ক কার্যালয়ৰ যুটীয়া সঞ্চালক যশপাল সিঙে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব এছ আৰ ভূঞালৈ এক পত্র প্রেৰণ কৰি স্পষ্ট কৰি দিয়ে যে নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে অর্থনৈতিক মন্ত্রালয়ৰ কেবিনেট কমিটীয়ে ধার্য কৰা ১৬০২.৬৬ কোটি টকাৰ বাহিৰে কেন্দ্রীয় চৰকাৰে পুনৰ পুঁজি আবণ্টন নকৰে৷


এনআৰচি উন্নীতকৰণৰ বাবে ২০১৯ বর্ষৰ ৩১ ডিচেম্বৰ পর্যন্ত আবণ্টন দিয়া ১৬০২.৬৬ কোটি টকাৰ পাছত আন কোনো ধৰণৰ পুঁজি আবণ্টন দিয়াৰ প্রস্তাৱ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে৷ যোৱা ২৩ মার্চত কেন্দ্রীয় চৰকাৰৰ দ্বাৰা প্রেৰণ কৰা পত্রৰ জৰিয়তে এনআৰচিত নিয়োজিত হৈ থকা ৪৫৫জন কর্মচাৰীক তাৎক্ষণিকভাৱে অব্যাহতি দিবলৈ নির্দেশ প্রেৰণ কৰে৷ এই নিৰ্দেশৰ পিছত বিজেপি দলে শুদ্ধ এন আৰ চি প্ৰস্তুত কৰাৰ যি নিৰ্বাচনী সংকল্প লৈছে সি এক ভেকোভাওনাহে হোৱাৰ আগজাননী আহিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply