নিউজ ডেস্ক: শনিবাৰে বিধানসভাত দাখিল কৰা কেগৰ প্ৰতিবেদন অনুসৰি, সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চলা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সময়ত ছফ্টৱেৰ, জেনেৰেটৰ, এন্ট্ৰী অপাৰেটৰ, ডাটা, চুক্তিৰৰ নামত তৃতীয় পক্ষক পৰামৰ্শদাতা নিয়োগ তথ্যৰ গোপনীয় সৰবৰাহৰ দৰে বহু বিত্তীয় কেলেংকাৰী আৰু অনিয়মৰ তথ্য পোহৰলৈ আহিছে।

এই প্ৰতিবেদন অনুসৰি, নাগৰিক পঞ্জীৰ ক্ষেত্ৰত প্ৰায় ১৬.০২.৬৬ কোটি টকা অপচয় হৈছিল। কিন্তু মন কৰিবলগীয়া যে, দেশৰ মহাপঞ্জীয়কে এনআৰচি উন্নীতকৰণৰ নামত অনুমোদন জনাইছিল ২৮৮.১৮ কোটি টকা।

ইফালে, এনআৰচিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে যোৱা বিত্তীয় বৰ্ষৰ সামৰণিতে সৰ্বমুঠ ১৫৭৯.৭৮ কোটি টকা ব্যয়ৰ তথ্য দাখিল কৰে। আৰু তাৰ ভিত্তিতেই কেগৰ তৰফৰ পৰা হিচাপ পৰীক্ষাৰ অন্তত বিভিন্ন বিত্তীয় অনিয়ম ধৰা পৰিছে। 

কেগৰ এই প্ৰতিবেদন দাখিল কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে- এই অনিয়ম সংঘটিত কৰা প্ৰতিষ্ঠান আৰু ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,735 other subscribers

Leave a comment

Leave a Reply Cancel reply