ৰাজৰ্ষি চহৰীয়া
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এনআৰচিত সংঘটিত হোৱা বহু কোটি টকীয়া কেলেংকাৰীৰ ন ন তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। পূৰ্বৰ ৰাজ্যিক সমন্বয়ৰক্ষী প্ৰতীক হাজেলাৰ লগতে ভালেমান চৰ্চিত ব্যক্তিৰ নাম সাঙোৰ খাই পৰিছে।
বিগত ৯ জুলাইত গুৱাহাটীৰ সাংবাদিক বিশ্বজিৎ নাথে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল। বিষয়- ”অসমত NRC উন্নীতকৰণ প্ৰক্ৰিয়াৰ সময়ত বিত্তীয় কেলেংকাৰী”।

তেওঁ পত্ৰখনত লিখিছে- ”অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াৰ সময়ত সংঘটিত হোৱা বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত মোৰ অভিযোগ দাখিল কৰিব বিচাৰিছো। এই বিষয়ে অসম কৰ্তৃপক্ষই আওকাণ কৰিছে যদিও, বৰ্তমান এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই বিষয়টোক লৈ দুটাকৈ আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে।”
বৰ্তমানৰ এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ১৩ জুন, ২০২২ত ৰাজ্য চৰকাৰৰ সতৰ্কতা আৰু দুৰ্নীতি বিৰোধী শাখাত আন এক FIR দাখিল কৰে পূৰ্বৰ ৰাজ্যিক এন আৰ চিৰ সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰতীক হাজেলাৰ বিৰুদ্ধে। এই FIRত প্ৰতীক হাজেলাই অসমত এনআৰচিৰ উন্নীতকৰণৰ নামত দুৰ্নীতি আৰু ধন সৰবৰাহৰ অভিযোগ উত্থাপন কৰা হৈছে।

উল্লেখ কৰাৰ প্ৰয়োজন যে- চলিত বৰ্ষৰ ১৯ মে’ত হিতেশ দেৱ শৰ্মাই প্ৰথমবাৰৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে এনআৰচি উন্নীতকৰণৰ নামত জালিয়াতি তথা অনিয়মৰ লগতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অৱমাননা কৰাৰ অভিযোগ তুলিছিল। হিতেশ দেৱ শৰ্মাই এই সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত এক গোচৰো তৰিছিল।
হিতেশ দেৱ শৰ্মাই প্ৰতীক হাজেলাৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে আপোচ কৰাৰ অভিযোগ তুলি অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত তৰিছিল এই গোচৰ। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক গৰাকীৰ লগতে সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ১২০(বি), ১৬৬(এ), ১৬৭, ১৮১,২১৮,৪২০,৪৬৬ আৰু R W 34 ধাৰাত গোচৰ ৰুজু কৰিছিল।

তেতিয়া অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাত দাখিল কৰা ৬ পৃষ্ঠাৰ অভিযোগ পত্ৰত উল্লেখ কৰা মতে- সেইসময়ৰ কেইবাগৰাকী বিষয়া আৰু ডাটা এন্ট্ৰী অপাৰেটৰৰ বিৰুদ্ধে এন আৰ চিৰ প্ৰাক্তন ৰাজ্যিক সমম্বয়ক প্ৰতীক হাজেলাই বিশেষ ছফটৱেৰৰ জৰিয়তে NRCত সন্দেহজনক নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰিছিল। তদুপৰি এন আৰ চি উন্নীতকৰণত বংশবৃক্ষৰ সঠিক পৰীক্ষণ হোৱা নাছিল বুলিও অভিযোগ পত্ৰত উল্লেখ কৰিছিল।
পুনৰ এতিয়া ঘূৰি আহিছো বিশ্বজিৎ নাথৰ অভিযোগ পত্ৰখনলৈ। পত্ৰখনত সাংবাদিক গৰাকীয়ে লিখিছে- ”দেৱ শৰ্মাই নিজৰ অভিযোগত দাবী কৰিছিল যে এন আৰ চি উন্নীতকৰণৰ সময়ত অন্য ব্যক্তিৰ সৈতে চিষ্টেম ইন্টিগ্ৰেটৰ (ৱিপ্ৰ’ লিমিটেড) দুৰ্নীতিত লিপ্ত হৈছিল। আপডেট প্ৰক্ৰিয়াৰ বাবে উইপ্ৰ’ লিমিটেডক ডাটা এণ্ট্ৰী অপাৰেটৰ যোগান ধৰাৰ দায়িত্ব দিয়া হৈছিল। ইয়াক চিষ্টেম ডিজাইন আৰু ডেভেলপমেণ্ট, এন আৰ চি চফট্ ৱেৰ সমাধান, ডাটা চেণ্টাৰ পৰিচালনা আদিৰ সৈতে জড়িত কোনো কাৰ্য্যকলাপ উপ-ঠিকাদাৰী কৰাৰ অনুমতি দিয়া হোৱা নাছিল। কিন্তু উইপ্ৰ’ লিমিটেডে (Wipro Limited) উপযুক্ত কৰ্তৃপক্ষৰ পৰা কোনো পূৰ্ব অনুমোদন অবিহনেই ডাটা এন্ট্ৰী অপাৰেটৰ প্ৰদানৰ বাবে উপ-ঠিকাদাৰক নিয়োগ কৰিছিল।”
হিতেশ দেৱ শৰ্মাৰ অভিযোগত প্ৰকাশ কৰা থকা তথ্যসমূহৰ বিষয়ে উল্লেখ কৰি বিশ্বজিৎ নাথে পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰীক কয় যে- ”শৰ্মাই অভিযোগ কৰিছিল যে- উইপ্ৰ’ লিমিটেডক প্ৰতিগৰাকী ডাটা এন্ট্ৰী অপাৰেটৰৰ নামত NRC কৰ্তৃপক্ষ তথা ভাৰত চৰকাৰে প্ৰতিমাহে ১৪,৫০০ৰ পৰা ১৭,৫০০ টকা দিছিল। কিন্তু ডাটা এন্ট্ৰী অপাৰেটৰসকলে ২০১৫চনৰ পৰা ২০১৯চনলৈকে প্ৰতিমাহে মাত্ৰ ৫৫০০টকাৰ পৰা ৯১০০ টকাহে লাভ কৰিছিল। তদুপৰি দেশৰ নূন্যতম মজুৰি আইন অনুসৰি তেওঁলোকক নূন্যতম ধনৰ পৰাও বঞ্চিত কৰা হৈছিল।”
যাৰ ফলত এসময়ত প্ৰাপ্য ধনৰ দাবীে ৰাজপথলৈ ওলাই আহিছিল একাংশ ডাটা এন্ট্ৰী অপাৰেটৰ। তেওঁলোকে দাবী কৰিছিল যে- ৭০০০ যুৱ শ্ৰমিকৰ ভিতৰত বৃহৎ সংখ্যক ডাটা এন্ট্ৰী অপাৰেটৰ ধনৰ পৰা বঞ্চিত হৈছে, য’ত সমগ্ৰ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত ১৬০০ কোটি টকা খৰচ হৈছিল। ইয়াৰোপৰি তেওঁলোকৰ আইনী আৰু নিয়মীয়া ধন পৰিশোধৰ বাবে দাবী জনাই ৰাজ্যিক শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ কাষ চাপিছিল প্ৰতিবাদকাৰী ডাটা এন্ট্ৰী অপাৰেটৰসকলে।
”অসমৰ একাউন্ট জেনেৰেলে এক অস্থায়ী অডিটৰ প্ৰতিবেদনত লক্ষ্য কৰিছিল যে- মাৰ্জিনৰ পাৰ্থক্য ৪৫.৫৯ %ৰ পৰা ৬৪.২৭ %ৰ ভিতৰত আছিল অতিশয় বেছি। অডিটত মূল্যায়ন কৰা হৈছিল যে অনুমতি দিয়াৰ পিছত এছ আই / শ্ৰম ঠিকাদাৰক ১৫৫.৮৩ কোটি টকাৰ অযথা সুবিধাৰ অনুমতি দিয়া হৈছিল আৰু ঠিকাদাৰক ১০ শতাংশ যুক্তিসংগত লাভৰ হাৰ দিছিল” বুলি ইংগিত দিয়া হৈছিল হিতেশ দেৱ শৰ্মাৰ FIRত।
ইফালে, এই অডিট ৰিপৰ্টৰ পৰা জানিব পৰা গৈছে যে তৃতীয় পক্ষৰ নিৰীক্ষণ পৰামৰ্শদাতাক নিয়োগ কৰাৰে জড়িত ১০.৭৩ কোটি টকা এৰাই চলা হৈছিল। মন কৰিবলগীয়া যে- বিত্তীয় ক্ষমতাৰ সংশোধিত প্ৰতিনিধি দলৰ নিয়ম অনুসৰি, পাঁচ কোটিতকৈ অধিক ব্যয়ৰ বাবে তেতিয়াৰ ৰাজ্যিক সমন্বয়কে মুখ্য সচিবৰ নেতৃত্বত ক্ষমতাপ্ৰাপ্ত সমিতিৰ পৰা বা ভাৰতৰ মহাপঞ্জীয়কৰ পৰা অনুমোদন লাভ কৰিব লাগিছিল। কিন্তু প্ৰাক্তন ৰাজ্যিক সমন্বয়কজনে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা অনুমোদন নোলোৱাকৈয়ে পৰামৰ্শদাতাসকলক নিয়োগ কৰিছিল।
লগতে সাংবাদিক গৰাকীয়ে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা এই পত্ৰত লিখিছে- কেইবা সপ্তাহ পূৰ্বে হিতেশ দেৱ শৰ্মাই এফআইআৰ দাখিল কৰিছিল যদিও বৰ্তমানলৈ দুয়োটা গোচৰ পঞ্জীয়ন কৰা হোৱা নাই। তদুপৰি গোচৰসমূহ পঞ্জীয়ন নকৰালৈকে দোষীক চিনাক্ত কৰা নহ’ব বুলি উল্লেখ কৰি তেওঁ প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰিছে যদি কোনো আই এ এছ বিষয়াই (হিতেশ দেৱ শৰ্মা) দাখিল কৰা FIR ক গুৰুত্ব দিয়া নহয়, তেন্তে আমি কেনেকৈ বিশ্বাস কৰিব পাৰো যে এজন সাধাৰণ ভাৰতীয়ৰ অভিযোগ পঞ্জীয়ন কৰা হ’ব?
আচৰ্যজনক কথা যে- এই কেলেংকাৰীৰ সৈতে গুৱাহাটীস্থিত চেটেলাইন নিউজ চেনেলৰ তিনিগৰাকী সম্পাদক-সাংবাদিকো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। ডাটা এন্ট্ৰী অপাৰেটৰ যোগান ধৰাৰ উপ চুক্তি লৈছিল আৰু যথেষ্ট ধন লাভ কৰিছিল। যিয়ে ইংগিত দিছে যে- ডাটা এন্ট্ৰী অপাৰেটৰৰ বাবে নিৰ্ধাৰিত ধন সেই চেটেলাইন নিউজ চেনেলৰ সম্পাদক-সাংবাদিক কেইগৰাকীয়ে প্ৰবঞ্চনামূলকভাৱে দখল কৰিছিল। কিন্তু প্ৰশ্ন হয় যে- এই কেলেংকাৰীৰে জড়িত থকা সাংবাদিক কেইগৰাকী চিনাক্ত হ’বনে?