গুৱাহাটী : ক’ভিড আক্ৰান্ত হৈ আপুনি হোম কোৱাৰেণ্টিনত আছে নেকি? নে পোষ্ট ক’ভিড কিবা জটিলতাৰ সন্মুখীন হৈছে?এনে অৱস্থাত এতিয়াৰে পৰা আৰু আপুনি শংকিত হ’ব নালাগে। কাৰণ আপোনাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে দেশৰ বিশেষজ্ঞ চিকিৎসকৰ দল এটা। বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ এই দলটোৰ পৰা আপুনি অতি সহজে যিকোনো সময়ত সকলো প্ৰয়োজনীয় চিকিৎসা আৰু পৰামৰ্শ সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব।
উল্লেখ্য, ক’ভিডে ভয়াবহ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে অসমৰ ক’ভিড আক্ৰান্তক এই বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছে অসম সন্তান তথা নতুন দিল্লীৰ মেস্ক চুপাৰ স্পেচিয়েলিটি হাস্পতালৰ নিউৰচাৰ্জন ডাঃ হৃষীকেশ চক্ৰৱৰ্তীৰ নেতৃত্বত ১৫ জন অভিজ্ঞ বিশেষজ্ঞ চিকিৎসকৰ দল। ইয়াৰ বাবে ডাঃ হৃষীকেশ চক্ৰৱৰ্তীৰ একক প্ৰচেষ্টাত আৰম্ভ হৈছে “ক’ভিড সাৰথি” নামৰ এক টেলিমেডিচিন পৰ্টেল। “ক’ভিড সাৰথি”ৰ জৰিয়তে অসমবাসীক বিশেষজ্ঞ চিকিৎসকৰ দলটোৱে প্ৰয়োজনীয় চিকিৎসা সেৱা আগবঢ়াব।
সোমবাৰে অসমবাসীৰ কাৰণে আনুষ্ঠানিক ভাৱে “ক’ভিড সাৰথি” মুকলি কৰি ইয়াৰ প্ৰতিস্থাপক ডাঃ হৃষীকেশ চক্ৰৱৰ্তীয়ে আৰু নয়দাৰ জে পি হাস্পতালৰ হেমাট’অংকলজিষ্ট ডাঃ নিবেদিতা ধিংৰাই কয় ‘অসমৰ যিকোনো প্ৰান্তৰ লোকে “ক’ভিড সাৰথি”ৰ চিকিৎসকসকলক যি কোনো সময়তে টোল ফ্ৰী নম্বৰ ১৮০০৮৩৩০০৬২ত ফোন কৰি অথবা www.covidsarathi.com ৰ জৰিয়তে চিকিৎসা সম্বন্ধীয় প্ৰয়োজনীয় পৰামৰ্শ আৰু চিকিৎসা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰিও ভিডিঅ’ কল, ৱাটছ এপ আৰু ছ’চিয়েল মিডিয়া লিংকৰ সহায়তো আর্তজনে তাৎক্ষণিকভাৱে চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব।
ক’ভিডৰ বাহিৰে অন্য ৰোগত আক্ৰান্ত লোকেও “ক’ভিড সাৰথি”ৰ জৰিয়তে চিকিৎসা সেৱা গ্ৰহণ কৰিব পাৰিব। “ক’ভিড সাৰথি”ৰ বিশেষজ্ঞ চিকিৎসকৰে অনলাইন সংযোগ হোৱাৰ পিছত তেওঁ আপোনাৰ পৰা আপোনাৰ ৰোগ সন্দৰ্ভত সবিশেষ অৱগত হৈ আপোনাক সঠিক ঔষধ আৰু গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৰ বিষয়ে অৱগত কৰিব। দূৰৱৰ্তী অঞ্চলত চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসকসকলেও “ক’ভিড সাৰথি”ৰ বিশেষজ্ঞ চিকিৎসকৰ সৈতে যোগাযোগ কৰি সঠিক পৰামৰ্শ অতি সহজে গ্ৰহণ কৰিব পাৰিব।
আৰু পঢ়কঃ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত দিয়া হ’ব বৃহত্ নিযুক্তি
আমাৰ বাবে প্ৰতিটো জীৱন মূল্যৱান। বৰ্তমান আমাৰ স্বাস্থ্য সেৱা ব্যৱস্থাৰ ওপৰত অত্যাধিক হেঁচা পৰিছে। এনে সময়ত মহামাৰীত আক্রান্ত লোকসকলক সেৱা আগবঢ়াবলৈ পাই আমি নিজকে বহুত সৌভাগ্যৱান অনুভব কৰিছো। আমাৰ এটাই লক্ষ্য আৰু উদ্দেশ্য ‘ক’ভিড সাৰথি’ৰ জৰিয়তে আপোনাৰ আৰু চিকিৎসা সেৱাৰ মাজৰ ব্যৱধান পূৰণ কৰা। এই ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগিতা লাভ কৰিম বুলি আশাবাদী বুলিও কয় ডাঃ নিবেদিতা ধিংৰাই।