নিউজ ডেস্কঃ বাঘজানৰ তেল খাদত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ প্ৰায় তিনি বছৰ সম্পূৰ্ণ হ’বৰ হ’ল। এই অগ্নিকাণ্ডৰ ফলত বহু পশুকূলৰ মৃত্যু হোৱাৰ লগতে কেইবা শতাধিক পৰিয়াল হৈছিল ক্ষতিগ্ৰস্ত। বাঘজানত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ পাছতে অইল ইণ্ডিয়া লিমিটেডে আগবঢ়াইছে প্ৰতিৰোধমূলক ব্যৱস্থাৰ তথ্য।
গুৱাহাটীস্থিত হোটেল নৱ’টেলত অইল ইণ্ডিয়া লিমিটেড আৰু NRLৰ দ্বাৰা আয়োজিত মিডিয়া কানেক্ট অনুষ্ঠানত ইষ্টমজ অসমৰ তৰফৰ পৰা প্ৰশ্নৰ উত্তৰত অইলৰ অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক ড০ ৰঞ্জিত ৰথে কয় যে- বাঘজান অগ্নিকাণ্ডৰ ভুক্তভোগীসকলক অসম চৰকাৰ আৰু জিলা প্ৰশাসনৰ জৰিয়তে অইলে সকলো ধৰণৰ ক্ষতিপূৰণ ইতিমধ্যে প্ৰদান কৰিছে। প্ৰায় ৪০০ কোটি টকা ক্ষতিপূৰণ প্ৰদান কৰা হৈছে ভুক্তভোগী পৰিয়ালবোৰক।
আজিৰ এই অনুষ্ঠানতে বাঘজান কাণ্ডৰ পিছত অইলে গ্ৰহণ কৰা কেইটামান প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে।
সুৰক্ষা অডিট
অইল ইণ্ডিয়া লিমিটেডৰ সুৰক্ষা অডিটৰ লক্ষ্য হৈছে কোম্পানীটোৰ সুৰক্ষা ক্ষেত্ৰত থকা প্ৰটকলসমূহৰ যিকোনো অভাৱ বা দুৰ্বলতা চিনাক্ত কৰি তাক শুধৰোৱা।
নিয়মীয়া ৰক্ষণাবেক্ষণ আৰু পৰিদৰ্শন
অইলে জনোৱা মতে, কোম্পানীটোৱে ইয়াৰ সঁজুলি আৰু সুবিধাসমূহ যাতে ভাল অৱস্থাত থাকে আৰু সঠিকভাৱে কাম কৰে তাৰ বাবে নিয়মীয়া ৰক্ষণাবেক্ষণ আৰু পৰিদৰ্শন ব্যৱস্থা ৰূপায়ণ কৰিছে।
ইফালে, অইলে এটা ইনচিডেণ্ট কমাণ্ড চিষ্টেম আৰু সংকট ব্যৱস্থাপনা দল স্থাপন কৰি নিজৰ জৰুৰীকালীন সঁহাৰি ক্ষমতা শক্তিশালী কৰিছে। লগতে যিকোনো সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পাবলৈ বা আগতীয়াকৈ বিপদ ধৰা পেলাবলৈ উন্নত প্ৰযুক্তিৰ ব্যৱস্থা কৰিছে।