নিউজ ডেস্ক: ৰাজ্যত শেহতীয়া বানে সৃষ্টি কৰা সংহাৰী পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ৰাজ্য চৰকাৰক সহায় কৰাৰ উদ্দেশ্যে নুমলীগড় শোধনাগাৰে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২.৫ কোটি টকাৰ বৰঙণি আগবঢ়াইছে।
নুমলীগড় শোধনাগাৰৰ ভাৰপ্ৰাপ্ত পৰিচালন সঞ্চালক ভাস্কৰ ফুকনে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আনুষ্ঠানিকভাৱে ২.৫ কোটি টকাৰ চেক প্ৰদান কৰে।
আজি প্ৰকাশ পোৱা নুমলীগড় শোধনাগাৰৰ এক প্ৰেছ বিবৃতিত কোৱা হয়।
মুখ্য মন্ত্ৰীৰ হাতত চেক অৰ্পন কৰাৰ সময়ত কেন্দ্ৰীয় ৰাজ্যিক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ৰামেশ্বৰ তেলী, এন আৰ এলৰ সঞ্চালক (বিত্ত) ইন্দ্ৰনীল মিত্ৰ, প্ৰতিষ্ঠানটোৰ স্বতন্ত্ৰ সঞ্চালক ছিলভেনাছ লামাৰ (Sylvanus Lamare) আৰু সুদিপ প্ৰধান উপস্থিত থাকে।
চেক গ্ৰহণ কৰি মুখ্য মন্ত্ৰীয়ে এই দুৰ্যোগৰ সময়ত চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে নুমলীগড় শোধনাগাৰৰ শলাগ লয়।
লগতে পঢ়ক – বটদ্ৰৱা কাণ্ডৰ লগত জড়িত আটাইকে কঠোৰতম শাস্তি প্ৰদানৰ দাবী শৃংখল চলিহাৰ