গুৱাহাটীঃএন আৰ এলৰ ডেপুটী জেনেৰেল মেনেজাৰ নীহাৰ প্ৰসাদ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

নুমলীগড় শোধনাগাৰৰ এগৰাকী যুৱতী অভিযন্তাক দীৰ্ঘদিন ধৰি যৌন উৎপীড়ন চলাই থকাৰ অভিযোগত গ্ৰেপ্তাৰ নীহাৰ প্ৰসাদ শৰ্মা।

যুৱতী অভিযন্তা গৰাকীক ১৯ জুলাইত নুমলীগড় শোধনাগাৰৰ টাউনশ্বিপত থকা কোৱাটাৰলৈ মাতি নি সুৰাৰ পাৰ্টী কৰি যৌন নিৰ্যাতন চলাইছিল নীহাৰ প্ৰসাদ শৰ্মাই।

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত যুৱতী অভিযন্তাগৰাকীয়ে উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছিল। সমান্তৰালকৈ এন আৰ এলৰ কৰ্মচাৰী সংস্থায়ো মুখ্য মহা প্ৰবন্ধকগৰাকীক সমগ্ৰ বিষয় সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছিল।

লগতে পঢ়কঃবক্সাৰ লাভলীনা বৰগোহাঁইলৈ বিলাসী গাড়ী উপহাৰ

ইয়াৰ উপৰিও যুৱতীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষী চকীত ১৯ আগষ্টত এক গোচৰ দাখিল কৰিছিল।

উক্ত গোচৰৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে নীহাৰ প্ৰসাদ শৰ্মাক গুৱাহাটীৰ ৰিহাবাৰীৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, যোৱা ৪ আগষ্ট তাৰিখেই এই নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছিল যদিও ৰহস্যজনকভাৱে নিৰ্যাতিতা যুৱতী অভিযন্তাগৰাকীয়ে কিন্তু দাখিল কৰা নাছিল কোনো অভিযোগনামা।

অৱশ্যে যুৱতী গৰাকীয়ে ঘটনাৰ পাছিদিনাই শোধনাগাৰৰ মহিলা আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও যোৱা এটা মাহে কোনো ধৰনৰ ব্যৱস্থা নল’লে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই ।

লগতে পঢ়কঃহোজাইত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এজন যুৱক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply