যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নুমলীগড় তেল শোধানাগাৰৰ ডেপুটি জেনেৰেল মেনেজাৰ নীহাৰ প্ৰসাদ শৰ্মাক বিভাগৰ পৰা নিলম্বন কৰা হৈছে। এগৰাকী যুৱতী অভিযন্তা যৌন নিৰ্যাতনৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে যোৱা ২০ আগষ্টত বিষয়াগৰাকীক গুৱাহাটীৰ ৰিহাবাৰীৰ বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।
আৰক্ষীয়ে যৌন নিৰ্যাতনৰ অভিযোগত বিষয়া গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতে নুমলীগড় তেল শোধানাগাৰ কৰ্তৃপক্ষই নিলম্বণ কৰে বিষয়াগৰাকীক।
উল্লেখযোগ্য যে, নীহাৰ প্ৰসাদ শৰ্মা নামৰ বিষয়া গৰাকীয়ে যুৱতী অভিযন্তাক যোৱা ১৯ জুলাইত টাউনশ্বিপত থকা নিজ কোৱাটাৰলৈ নি সুৰাৰ পাৰ্টী কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।প্ৰথম অবস্থাত নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক লিখিত অভিযোগ দিছিল ।
যদিও বিভাগীয় ভাবে ঘটনাটো গাপ দিবলৈ চেষ্টা কৰাৰ পিছত ঘটনা সন্দৰ্ভত নুমলীগড় আৰক্ষী চকীত ১৯ আগষ্টত যুৱতীগৰাকীয়ে দাখিল কৰিছিল এক গোচৰ। এই গোচৰৰ ওপৰত ভিত্তিতে আৰক্ষীয়ে নীহাৰ প্ৰসাদ শৰ্মাক আটক কৰিছিল আৰক্ষীয়ে।