শিৱসাগৰঃ NSCN ( I M )ৰ স্বয়ম্ভূ কৰ্ণেল ৰামপুং হাখুন ওৰফে জ’নিৰ মৃতদেহ শিৱসাগৰৰ লাকুৱা ৰেল ষ্টেচনৰ সমীপত উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । মাৰ্ঘেৰিটাৰ লিডুৰ মালো গাৱঁৰ নিবাসী এই দুধৰ্ষ বিদ্ৰোহী নেতাজন উজনি অসমৰ সাংগঠনিকৰ দায়িত্বত আছিল।
বহু কুটাঘাটমূলক কাৰ্যৰ লগতে ধন দাবী আৰু ধন সংগ্ৰহৰ লগত জড়িত আছিল নেতাজন । টিকক কলিয়ৰীৰ পৰিচালক পবিত্ৰ হাজাৰীক ২০০১ চনত হত্যা কৰা, দুবাৰকৈ ক’ল মাইনিঙৰ গাড়ী জ্বলাই সন্ত্ৰাস চলোৱাৰ অভিযোগ আছিল এইজন দুধৰ্ষ বিদ্ৰোহী নেতাজনৰ বিৰুদ্ধে ।
ৰেল আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে । কি পৰিস্থিতিত জ’নিৰ মৃত্যু হ’ল সেই সন্দৰ্ভত সঠিক ভাৱে জানিব পৰা হোৱা নাই । শেহতীয়াকৈ ডিমাপুৰত স্থায়ীভাৱে থাকিবলৈ লৈছিল জ’নিয়ে ।