সোণাৰি: চৰাইদেউ জিলাৰ সোণাৰিৰ লগত চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ সু-সম্পৰ্ক অটুত থকা সময়তে নগা উগ্ৰপন্থী সংগঠন এনএছচিএনৰ বিৰুদ্ধে উত্থাপন হৈছে বিস্ফোৰক অভিযোগ। নগা উগ্ৰপন্থী সংগঠন এনএছচিএনৰ সদস্যই ফোনযোগে ধন দাবী কৰা বুলি উত্থাপন হৈছে এই অভিযোগ।
সোণাৰি সৰু গাড়ী মালিক সন্থাই এই অভিযোগ উত্থাপন কৰি ইতিমধ্যে নগালেণ্ডৰ মন জিলাৰ আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছে স্মাৰকপত্ৰ। উল্লেখ্য যে, চৰাইদেউ জিলাৰ সৰু-বৰ ভালে সংখ্যক ব্যৱসায়ীয়ে বিভিন্ন ধৰণৰ ব্যৱসায়ৰ জৰিয়তে সু-সম্পৰ্ক অব্যাহত ৰাখিছে অসম আৰু নাগালেণ্ডৰ মাজত।
তেনে সময়তে নগালেণ্ডৰ উগ্ৰপন্থী সংগঠন এনএছচিএনৰ সদস্য বুলি দাবী কৰা অচিনাকি লোক এজনে ৮১১৯০৭২৪৯৬ নম্বৰৰ পৰা সোণাৰিৰ ব্যৱসায়ীলৈ ধনদাবী কৰি ফোন কৰে। নিজকে এনএছচিএনৰ সদস্য বুলি কোৱা অচিনাকি লোক জনে দাবী কৰা অনুসৰি নগালেণ্ডত ব্যৱসায় কৰা গাড়ীৰ মালিক তথা চালকসকলে প্ৰত্যেকেই ধন আদায় কৰিব লাগিব এনএছচিএনক।
অন্যথা নগা উগ্ৰপন্থী সংগঠনটো ব্যৱসায়ীসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব। যাৰ ফলত এতিয়া ভিতিগ্ৰস্ত হৈ পৰাৰ লগতে অসুৰক্ষিত অনুভৱ কৰিছে নগালেণ্ডত ব্যৱসায় কৰা চৰাইদেউ জিলাৰ ব্যৱসায়ী সকল।
ইয়াৰ পৰিপ্ৰেক্ষিতত সোণাৰি সৰু গাড়ী মালিক সন্থাই নাগালেণ্ড আৰক্ষীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি অসমৰ ব্যৱসায়ীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰা লগতে শান্তিপূৰ্ণ পৰিৱেশ অটুত ৰাখিবলৈ আহ্বান জনাইছে।
লগতে পঢ়ক ব্ৰঞ্জৰ পদকেৰে যাত্ৰা সামৰিলে লাভলীনাই