মাৰ্ঘেৰিটাঃ উগ্ৰপন্থীৰ বিৰুদ্ধে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নাম্পঙত অভিযান অব্যাহত আছে আসাম ৰাইফলছৰ। অভিযানৰ সময়চোৱাত আসাম ৰাইফলছৰ জোৱানে আটক কৰে NSCN (K-YA)ৰ দুজন সক্ৰিয় সদস্যক।

ইফালে, এই অভিযানতেই জোৱানসকলে জব্দ কৰে দুটাকৈ অগ্নিয়াস্ত্ৰ। আটক কৰা সদস্য দুজনৰ পৰা আসাম ৰাইফলছে জব্দ উদ্ধাৰ কৰিছে এ কে ৰাইফল, দুটা মেগাজিন, ৪৯০ ৰাউণ্ড সজীৱ গুলী, পিষ্টল আদি।

আটকা কৰা সদস্য দুজন ক্ৰমে- গঙ্গৱাং ৱাংলী (৩৭) আৰু নয়ন কুমাৰ চাকমা (৪২) বুলি আসাম ৰাইফল’ছৰ সূত্ৰে জানিব পৰা গৈছে। দুয়োকে বৰ্তমান নাম্পং আৰক্ষীক গতাই দিয়ে অসম ৰাইফল’ছৰ জোৱানে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply