অৰুণাচলৰ নামটকৰ পৰা বৃহৎ সংখ্যক মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে সেনা আৰু অসম আৰক্ষীয়ে। তিনিচুকীয়া আৰক্ষী আৰু ১৭০৩ মাউণ্টেণ্ট ব্ৰিগেড আৰ্মীয়ে উদ্ধাৰ কৰে দুটা HK ৰাইফল, দুটা IED, ২৮৩ ৰাউণ্ড সজীৱ গুলী, তিনিখনকৈ এটিএম কাৰ্ড আৰু তিনিটা ম’বাইল ফোন ৷

এক বিশেষ খবৰৰ ভিত্তিত তিনিচুকীয়া ৰে’ল ষ্টেচনত আৰক্ষীয়ে সংগঠনটোৰ সদস্য দুজনক আটক কৰি তেওঁলোকক জেৰা কৰাৰ সময়ত এই মাৰনাস্ত্ৰ সমূহৰ বিষয়ে খবৰ লাভ কৰে। আটকাধীন দুয়োগৰাকী সদস্যই এজন লিংকমেনৰ সহযোগত নামটক আৰু অসমৰ সীমান্তৱৰ্তী জাগুন এলেকাত ব্যাপক হাৰত ধন দাবী কৰি আহিছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

এই সমগ্ৰ অভিযানৰ নেতৃত্ব বহন কৰিছিল উজনি অসমৰ আৰক্ষী উপ মহাপৰিদৰ্শক জিৎমল দলেই। আৰক্ষীয়ে জানিবলৈ দিয়া মতে NSCN(IM) ৰ ফালৰ পৰা নামটক আৰু জাগুন অঞ্চলত ধন দাবী চলি আছিল। কিছুদিনৰ আগতে নামটক অঞ্চলৰ এখন ব্যবসায়িক প্ৰতিষ্ঠানত ধন নিবলৈ আহি গুলী ফুটাইছিল। গ্ৰেপ্তাৰ কৰা NSCN(IM) ৰ সদস্য দুজন নাবালক । সদস্য দুগৰাকী ডিমাপুৰলৈ যাবলৈ আহিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply