গুৱাহাটীঃ নাৰীক সামাজিকভাৱে সবল আৰু আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ লক্ষ্যৰে চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। বুধবাৰে চাৰিসপ্তাহজোৰা কাৰ্যসূচীৰে কোকৰাঝাৰৰ চালাকাটিত বালিকা সবলীকৰণ অভিযান আৰম্ভ হয়। দেশৰ সৰ্ববৃহৎ শক্তি উৎপাদক এনটিপিচিৰ উদ্যোগত ১০খন বিদ্যালয়ৰ ৪০গৰাকীকৈ ছাত্ৰীক বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
এই অভিযানটো মুকলি কৰি এনটিপিচিৰ কাৰ্যবাহী সঞ্চালক (বঙাইগাঁও প্ৰকল্প) সুব্ৰত মণ্ডলে কয় যে কোম্পানীটোৱে দৰিদ্ৰ ছাত্ৰীসকলৰ উন্নতিৰ বাবে অসমত প্ৰথমবাৰৰ বাবে এই কাৰ্যসূচী হাতত লোৱা হৈছে। ১০-১২বছৰ বয়সৰ মুঠ ৪০গৰাকী ছাত্ৰীক চৰ্টলিষ্ট কৰা হৈছে। এনটিপিচিয়ে ২০১৮চনৰ পৰা বালিকা সবলীকৰণ অভিযান আৰম্ভ কৰিছে। সমগ্ৰ দেশৰ ৪,৫০০ গৰাকী দুখীয়া ছোৱালীৰ সৱলীকৰণত এই আচঁনিয়ে অৰিহণা যোগাইছিল।
যোৱা দুবছৰ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে অনুষ্ঠিত কৰিব পৰা নাছিল যদিও এইবাৰ এনটিপিচি’ৰ উদ্যোগত স্থানীয় ১০ খন বিদ্যালয়ৰ ৪০ গৰাকীকৈ ছাত্ৰীক বিভিন্ন বিষয়ৰ ওপৰত আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব ৷
এনটিপিচিৰ বালিকা সবলীকৰণ অভিযান কাৰ্যসূচীয়ে ছোৱালীসকলক মৌলিক শিক্ষা, স্বাস্থ্য আৰু আত্মৰক্ষাৰ বিষয়ে অৱগত কৰি শক্তিশালী কৰি তুলিব। লগতে গ্ৰাম্য অঞ্চলত কন্যাৰ ভ্ৰূণ হত্যাৰ ক্ষেত্ৰত থকা ভুল ধাৰণা দূৰ কৰিবলৈ পদক্ষেপ হাতত লৈছে।
চাৰি সপ্তাহজোৰা কাৰ্যসূচীত এনটিপিচিয়ে ৪০গৰাকী ছাত্ৰীক বিভিন্ন বিষয়ৰ লগতে জীৱন দক্ষতাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিব । লগতে খেলা-ধূলা, পুতলা বনোৱা আৰু যোগৰ দৰে পাঠ্যক্ৰমৰ বাহিৰৰ বিষয়ো অন্তৰ্ভুক্ত কৰিব।