বোকাখাতঃ নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিষ্ণুপুৰত মঙলবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষত ৰখাই থোৱা এখন বৃহৎ আকাৰৰ হাইড্ৰা (ক্ৰেইন)ত পিছফালৰ পৰা বাইকে খুন্দা মৰাৰ ফলত ৰংবং অঞ্চলৰ সৰবৰহী তথা বিজেপি দলৰ সক্ৰিয় কৰ্মী গণেশ ছেত্ৰী থিতাতে নিহত হয়৷ ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে ঘাইপথটোত৷
স্থানীয় ৰাইজে ঘাইপথটো অৱৰোধ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ নীতি বহিৰ্ভূতভাবে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষত এন আৰ এলৰ বিভিন্ন কামত নিয়োজিত বিভন্ন বৃহৎ যন্ত্ৰ-পাতি কঢ়িয়াই অনা গাড়ী, ক্ৰেইন, টেংকাৰ, ট্ৰাক আদি য’তে ত’তে ৰখাই থোৱাৰ ফলত অঞ্চলটোত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
কিন্তু এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে ব্যৱস্থা নোলোৱাৰ অভিযোগ কৰি পথ অৱৰোধেৰে পৰিস্থিতি উত্তাল কৰি তোলে৷ অৱশেষত গোলাঘাট সদৰ আৰক্ষী কেইবাজনো বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷