গুৱাহাটীঃ বোকাখাত মহকুমাৰ নুমলীগড়ত ধনশিৰি নদীত থকা পুৰণি জাহাজঘাটটো অচিৰেই উন্নীত হ’ব এক ব্যৱসায়িক নদী বন্দৰলৈ। ইয়াৰ বাবে ধনশিৰিমুখৰ পৰা নুমলীগড়লৈকে ধনশিৰি নদীখন অচিৰেই প্ৰায় পাঁচ মিটাৰকৈ খনন কৰা হ’ব।

নুমলীগড়ৰ এই প্ৰস্তাৱিত নদী বন্দৰক ৰে’ল সেৱাৰেও সংযোগৰ কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে। লগতে বোকাখাতৰ ধনশিৰিমুখৰ ঐতিহাসিক জাহাজ ঘাটৰো উন্নয়ণ কৰাৰ পৰিকল্পনা কৰা হ’ব।

বোকাখাতত বৃহস্পতিবাৰে সন্ধিয়া এই আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় জাহাজ, বন্দৰ, জলপথ আদি দপ্তৰৰ মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

দলীয় এক সভাত অংশগ্ৰহণ কৰিবৰ বাবে বোকাখাতলৈ অহা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ১৪ জুনৰ সন্ধ্যা আৱৰ্ত ভৱনত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ বিষয়ববীয়াৰ লগত এক আলোচনাত মিলিত হয় ৷

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা আৰু মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্তৰ নেতৃত্বত যোৱা সাংবাদিকৰ সঁজাতি দলৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য আকাশ ফুকন, অনিমেশ শইকীয়া,দলটোৰ গোলাঘাট জিলাৰ সভাপতি দেৱ প্ৰদীপ বৰা আৰু জিলা উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱা এই আলোচনাত উপস্থিত থাকে ৷

আলোচনা কালত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে নুমলীগড়ৰ নদী বন্দৰৰ সৈতে বৃহৎ গুদাম আৰু শুল্ক বিভাগৰ লগতে কমেও ১১ টাকৈ কেন্দ্ৰীয় বিভাগ জড়িত হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে ।

আলোচনা কালত ৰে’ল পথেৰে বোকাখাতক সংযোগ কৰা বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা কৰাৰ কথাও কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে সাংবাদিকৰ দলটোক জানিবলৈ দিয়ে ।

উল্লেখ্য যে নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে প্ৰয়োজনীয় অতিকায় যন্ত্ৰাংশ জলপথৰেই নুমলীগড়় শোধনাগাৰলৈ অনাৰ বাবে আঁচনি প্ৰস্তুত কৰিছে শোধনাগাৰ কৰ্তৃপক্ষই ৷

ইয়াৰ বাবেই ব্ৰহ্মপুত্ৰৰ পৰা ধনশিৰিমুখহৈ নুমলীগড়লৈকে ধনধিৰি নদী খননৰ পৰিকল্পনাও কৰা হৈছে ৷ অকল ধনশিৰি নদীয়েই নহয় প্ৰস্তাৱিত সম্প্ৰসাৰণ প্ৰকল্পৰ বাবে কালিয়নী নদীকো ব্যৱহাৰ কৰিব পাৰে নুমলীগড় শোধনাগাৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply