নুমলীগড় : অসম আন্দোলনৰ ফলশ্ৰুতিত নিৰ্মাণ কৰা নুমলীগড় শোধনাগাৰৰ ভিতৰ চ’ৰাত সংঘটিত হৈছে এক যৌন নিৰ্যাতনৰ ঘটনা। এন আৰ এলৰ ডেপুটী জেনেৰল মেনেজাৰ গৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুত্বৰ অভিযোগ। দীৰ্ঘদিন ধৰি এন আৰ এলৰ ডেপুটী মেনেজাৰ গৰাকীয়ে এগৰাকী অসমীয়া যুৱতী অভিযন্তাক যৌন উৎপীড়ন চলাই থকাৰ অভিযোগ উঠিছে।
এন আৰ এলৰ ডেপুটী মেনেজাৰ নিহাৰ শৰ্মাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি নিহাৰ শৰ্মাই দীৰ্ঘদিন ধৰি এগৰাকী যুৱতী অভিযন্তাক শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। ইয়াৰ মাজতে তেওঁ যুৱতী অভিযন্তাগৰাকীক নিজ বাসগৃহলৈ মাতি নি যৌন উৎপীড়নো চলাইছিল।
ইয়াৰ উপৰিও দীৰ্ঘদিনৰে পৰাই নিহাৰ শৰ্মাই যুৱতী অভিযন্তাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা কৰি অহাৰো অভিযোগ উঠিছে। এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত যুৱতী অভিযন্তাগৰাকীয়ে উৰ্ধতম কৰ্তৃপক্ষক দাখিল কৰিছে অভিযোগ। সমান্তৰালকৈ এন আৰ এলৰ কৰ্মচাৰী সংস্থায়ো মুখ্য মহা প্ৰবন্ধকগৰাকীক সমগ্ৰ বিষয় সন্দৰ্ভত লিখিত অভিযোগ দাখিল কৰিছে।
কিন্তু এতিয়াও অভিযুক্ত ডেপুটী মেনেজাৰ নিহাৰ শৰ্মাৰ বিৰুদ্ধে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা। বৰ্তমান সমগ্ৰ বিষয়টো সন্দৰ্ভত শোধনাগাৰটোৰ কৰ্মচাৰীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।
লগতে পঢ়ক অসমবাসীৰ প্ৰতিবাদক বৃদ্ধাগুচ্ছ দেখুৱাই ভাৰতৰত্ন নাম আঁতৰাই আদানী নামত বিমান বন্দৰ