গোলাঘাটঃ গোলাঘাট জিলাৰ বোকাখাতৰ নুমলীগড় চাহ বাগিচা কন্টেইনমেণ্ট জ’ন ঘোষণা।

বাগিছাখনৰ ৭২গৰাকী লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাত ইয়াৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে বাগিচাখনৰ দুটা লাইনক কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।

চাহ বাগিচাখনৰ বৰ লাইন আৰু ৫ নং লাইন এলেকাক কন্টেইনমেণ্ট জ’নৰ অধীনত সামৰি লোৱা হৈছে।

বৰ লাইনৰ উত্তৰে ফেক্টৰী অফিচ, দক্ষিণে বিষ্ণু মন্দিৰ, পূবে ধনশিৰী নদী আৰু পশ্চিমে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ অঞ্চলক এই কন্টেইনমেণ্ট জ’নৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।

আনহাতে ৫ নং লাইনৰ উত্তৰ আৰু দক্ষিণে চাহ বাগিচা, পূবে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পশ্চিমে চাহ বাগিচা এলেকা ইয়াৰ সীমা হ’ব ।

আজিৰে পৰা কেৱল চাহ বাগান সন্দৰ্ভত নতুন নিৰ্দেশনা প্ৰকাশ পোৱাৰ কথা শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত সদৰি কৰে।

উল্লেখ্য যে, ১৩ মে’ৰ পৰা অসমত কাৰ্যকৰী হোৱা কোভিডৰ নীতি-নিৰ্দেশনাত চাহ বাগান সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাছিল। যাৰ সুবিধা বুজি বহু বাগানৰ মালিকে এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো সন্ধিয়ালৈ কাম কৰোৱাইছিল শ্ৰমিকক।

আৰু পঢ়কঃচাহ বাগিছাত কোৰোনা সংক্ৰমণ বৃদ্ধিৰ পিছত কাইলৈ প্ৰকাশ পাব নতুন নিৰ্দেশনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,272 other subscribers

Leave a comment

Leave a Reply