বোকাখাতৰ পৰা উত্তম কুমাৰ শৰ্মা: ৰহস্যজনক ভাৱে যোৱা চাৰি বছৰে অসম্পূৰ্ণ অৱস্থাত আছে বোকাখাতৰ এটা প্ৰায় ২.৫০কোটি টকীয়া জাৱৰ নিষ্কাষণ প্ৰকল্প ।সম্প্ৰতি বগা হাতীত পৰিণত হোৱা এই কোটি টকীয়া প্ৰকল্প নিৰ্মাণৰ দ্বায়িত্ব লৈছিল নুমলীগড় শোধনাগাৰে।
যোৱা ২০১৮ চনতে বোকাখাত নগৰৰ পৰা মাত্ৰ কেইকিল’মিটাৰ নিলগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে থকা ৰাজহুৱা শ্মশানস্থলীৰ চাৰি বিঘা মাটিত ডাম্পিং গ্ৰাউণ্ড আৰু এটা উন্নত মানৰ জাৱৰ নিষ্কাষণ প্ৰকল্প স্থাপনৰ কাম হাতত লৈছিল নুমলীগড় শোধনাগাৰে।বোকাখাত নগৰ সমিতিৰ ব্যৱহাৰৰ বাবে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই ২০১৭-১৮ বৰ্ষৰ সামাজিক উন্নয়ন পুঁজিৰ অধীনত স্বচ্ছ ভাৰত আঁচনিৰ নামত হাতত লৈছিল উক্ত ব্যয়বহুল প্ৰকল্প নিৰ্মাণৰ কাম।
প্ৰকল্প নিৰ্মাণৰ প্ৰাক মূহুৰ্তত আধাৰশিলা স্থাপন কৰিছিল বোকাখাতৰ বিধায়ক অতুল বৰাই।জানিব পৰা মতে শোধনাগাৰটোৰ অধীনত গোলাঘাটৰ জনৈক গোহাঁই নামৰ এগৰাকী ঠিকাদাৰে আৰম্ভ কৰিছিল উক্ত প্ৰকল্প নিৰ্মাণৰ কাম।
উল্লেখযোগ্য যে বিগত চাৰিটা বছৰত বোকাখাত নগৰ সমিতি উন্নীত হৈ পৌৰসভা হ’লগৈ যদিও তাৎপৰ্যপূৰ্ণ ভাৱে বিগত চাৰিবছৰে অসম্পূৰ্ণ হৈ থাকিল উক্ত ডাম্পিং গ্ৰাউণ্ডৰ লগতে প্ৰকল্প নিৰ্মাণৰ কাম।
ফলস্বৰূপে বোকাখাত নগৰৰ পৰা সংগৃহীত বিস্তৰ আৱৰ্জনাই নগৰৰ প্ৰবেশদ্বাৰৰ কাষতে এক কদৰ্য্যময় পৰিবেশ সৃষ্টি কৰাৰ লগতে উন্মুক্ত অৱস্থাত থকা আৱৰ্জনাৰ পৰা নিৰ্গত দুৰ্গোন্ধই সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে ভয়াৱহ প্ৰদুষণৰ।
ইফালে উক্ত আৱৰ্জনাস্থলীৰ কাষেৰে বৈ যোৱা কাজিৰঙাৰ হৃদপিণ্ডস্বৰূপ ডিফলু নৈয়ে ভয়াৱহতা কঢ়িয়াই আনিছে বিশ্ব ঐতিহ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জীৱকুললৈ।কিয়নো বাৰিষা আগমণৰ লগে লগেই জাৱৰৰ দ’মে কলুষিত কৰা ডিফলু নৈ বৈ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে।যি অত্যন্ত ভয়ানক হিচাপে বিবেচিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱকুলৰ বাবে।

উল্লেখযোগ্য যে বোকাখাতৰ লতাবাৰীস্থিত ডাম্পিং গ্ৰাউণ্ড অথবা উন্নত জাৱৰ নিষ্কাষণ প্ৰকল্পৰ নামত সমুদায় কিমান ধন ধাৰ্য কৰা হৈছে অথবা ব্যয় কৰা হৈছে সেই সম্পৰ্কে এই পৰ্যন্ত উদাসীন মনোভাৱহে প্ৰকাশ কৰি আহিছে বোকাখাত মহকুমা প্ৰশাসনৰ লগতে বোকাখাতৰ পৌৰসভাই।
তাৰমাজতে সমগ্ৰ প্ৰকল্পৰ বিষদ বিৱৰণ বিচাৰি বোকাখাতৰ ৰাজহুৱা শ্মশান পৰিচালনা সমিতিয়ে বোকাখাত মহকুমা প্ৰশাসনৰ জৰিয়তে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও লক্ষণীয়ভাৱে আজিপৰ্যন্ত কোনো সুদোত্তৰ লাভ নকৰিলে শ্মশান পৰিচালনা সমিতিয়ে।
স্বচ্ছ ভাৰত অভিযানৰ লগতে আৰু অন্যান্য দিশত সামাজিক উন্নয়ন পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত শেহতীয়াকৈ শোধনাগাৰটোৰ অন্তৰভাগত ব্যাপক বেমেজালিৰ সৃষ্টি হোৱাৰ লগতে শোধনাগাৰটোৰ উৰ্ধতম বিষয়াৰে মিতিৰালি থকাৰ অজুহাততে একাংশ দালালৰূপী ঠিকাদাৰ আৰু ব্যক্তিয়ে বিভিন্ন সময়ত শোধনাগাৰটোৰ দ্বাৰা আৱন্তিত উন্নয়ন পুঁজিৰ ধন অপব্যৱহাৰ কৰি অহাৰ লগতে অসম আন্দোলনৰ ফলশ্ৰুতিত প্ৰতিস্থা হোৱা অন্যতম উদ্যোগটোক ব্যক্তিগত স্বাৰ্থতে খীৰতী গাইৰ দৰে ব্যৱহাৰ কৰি অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছে।
লগতে পঢ়ক- ৰাজ্যত ২৪ ঘন্টাত নতুনকৈ কোভিডত আক্ৰান্ত হৈছে ৩,৩৯০ জন
অৱশ্যে ডাম্পিং গ্ৰাউণ্ড অথবা উন্নত জাৱৰ নিষ্কাষণ প্ৰকল্পৰ ক্ষেত্ৰত শোধনাগাৰটোৰ সংশ্লিষ্ট বিষয়াই এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যদিও ডাম্পিং গ্ৰাউণ্ডৰ লগতে উন্নত প্ৰকল্পটোৰ যাৱতীয় কাম অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি ভয়াৱহ প্ৰদুষণৰ কৱলৰ পৰা অঞ্চলবাসীক সকাহ দিবলৈ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষক দাবী জনাইছে এতিয়া অঞ্চলটোৰ স্থানীয় সচেতন ৰাইজে।