গুৱাহাটী : দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। দুৰ্গা পূজা উদযাপনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে প্ৰস্তুতি। মণ্ডপ নিৰ্মাণৰ পৰা আৰম্ভ কৰি প্ৰতিমা নিৰ্মাণৰ কাম সমাপ্তিৰ দিশত। কিন্ত বিগত দুবছৰ ধৰি দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰা নাই অসম বিশিষ্ট ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদে।

বিগত দুবছৰ ধৰি ইছলাম ধৰ্মাৱলম্বী বিশিষ্ট ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদৰ হাতৰ পৰশ পোৱা নাই দেৱী দূর্গাৰ মণ্ডপ। ১৯৭৫ চনৰে পৰা এইগৰাকী বিশিষ্ট ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদ দুৰ্গা মণ্ডপ নিৰ্মাণৰ কামৰ লগত জড়িত হৈ আছে। কিন্তু মহামাৰী ক’ভিডত বাবে বিগত দুবছৰ ধৰি পূজাৰ মণ্ডপ নিৰ্মাণৰ দ্বায়িত্ব পোৱা নাই বিশিষ্ট শিল্পী গৰাকীয়ে।

বিশিষ্ট বিশিষ্ট ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদে কয় “মই ১৯৭৫ চনত প্ৰথমবাৰৰ বাবে দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছিলো লখিমপুৰত। তেতিয়াৰে পৰা মই প্ৰতিবছৰে দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰো। দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰি মই মানসিকভাৱে শান্তি লাভ কৰো। কিন্ত বিগত দুবছৰ ধৰি ক’ভিডৰ বাবে মই দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰিব পৰা নাই ইয়াৰ বাবে মোৰ মন বহুত বেয়া।”

বিশিষ্ট ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদে লগতে কয় “মই দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণৰ কামৰ লগত অসমৰ থলুৱা শিল্পী সকলক নিয়োজিত কৰো, ফলত তেওঁলোকৰ আৰ্থিকভাৱে কিছু সহায় হয়। মই নিজে দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰি এটকাও নিজৰ বাবে নাৰাখো। দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰাৰ কামৰ লগত জড়িত হোৱাৰ একমাত্ৰ উদ্দেশ্য হৈছে মনৰ শান্তি।”

প্ৰতিবছৰে নুৰুদ্দিন আহমেদে মণ্ডপ নিৰ্মাণৰ দায়িত্ব লাভ কৰে। দায়িত্ব লাভ কৰাৰ পিছতে মণ্ডপ নিৰ্মাণৰ কামত নুৰুদ্দিন আহমেদে নিয়োজিত কৰে অসমৰ ৪০ ৰ পৰা ৫০ জন শিল্পীক। ইয়াৰ জৰিয়তে এই শিল্পী সকলে উপাৰ্জন কৰা ধনেৰে পৰিয়াল পোহপাল দিয়ে। ক’ভিডৰ ফলত এফালে যদি নুৰুদ্দিন আহমেদৰ লগত কাম কৰা শিল্পী সকল আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত আনফালে দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰিব নোৱাৰি শিল্পী সকল অশান্তিত ভুগিব লগীয়া হৈছে।

নুৰুদ্দিন আহমেদৰ লগত ১৯৭৮ চনৰ পৰা পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম কৰি অহা জয়নুৰ আহমেদে কয় “আমাৰ কম পূজাৰ মণ্ডপ নিৰ্মাণৰ পৰাই আৰম্ভ হয়। পূজাৰ মণ্ডপ নিৰ্মাণ কৰিলে আমাৰ ভাল উপাৰ্জন হয় আৰু আমি আমাৰ পৰিয়াল পোহপাল দিবলৈ সক্ষম হওঁ। কিন্তু বিগত দুবছৰ ধৰি পূজাৰ মণ্ডপ নিৰ্মাণ কৰিব নোৱাৰাত আৰ্থিকভাৱে আমি জুৰুলা হৈ পৰিছো। পূজাৰ মণ্ডপ এটা নিৰ্মাণ কৰাৰ পিছত মানুহে যেতিয়া মণ্ডপলৈ আহি দেৱীক পূজা আগবঢ়াই তেতিয়া আমি মানসিকভাৱে বহু সন্তুতি লাভ কৰো।”

লগতে পঢ়ক : ৰাজকন্যা বৰুৱা সন্দৰ্ভত জি এন আৰ চি হাস্পতালৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে নুৰুদ্দিন আহমেদ প্ৰথম বাৰৰ বাবে ১৯৭৫ চনত লখিমপুৰত এখন পূজা মণ্ডপ নিৰ্মাণ কৰিছিল। ইয়াৰ পিছতে নুৰুদ্দিন আহমেদ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বহু পূজা মণ্ডপ নিৰ্মাণ কৰিছে। ২০১৭ চনত বিষ্ণুপুৰত ১০৫ ফুটৰ বাঁহৰ দেৱী দূর্গাৰ প্ৰতিমা নিৰ্মাণ কৰি নুৰুদ্দিন আহেমদ বিশ্বজুৰি চর্চা লাভ কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply