মাক ৰিনিকি ভূঞা শৰ্মাৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা

অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথমটো দিনত বিধানসভাৰ চৌহদত মাক ৰিনিকি ভূঞা শৰ্মাৰ সৈতে উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই ব্যক্ত কৰে মনৰ অনুভৱ। পিতৃয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাত আনন্দ প্ৰকাশ কৰে নন্দিলে।

সাংবাদিকৰ প্ৰশ্নত নন্দিল বিশ্ব শৰ্মাই কয় — “স্বাস্থ্য আৰু শিক্ষাখণ্ডৰ প্ৰতি যদি গুৰুত্ব দিয়ে তেতিয়া মোৰ ভাল লাগিব। কাৰণ ব্যক্তিগতভাৱে মই এই দুটা দিশৰ গুৰুত্ব উপলব্ধি কৰোঁ। ক’ভিড-১৯ মহামাৰীৰ সময়ত স্বাস্থ্যখণ্ডৰ কিমান গুৰুত্ব সেয়া আমি সকলোৱে বুজিছোঁ।”

উল্লেখ্য যে ক’ভিডৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ যুঁজখনক সবল ৰূপ দিয়াৰ উদ্দেশ্যে অলপতে নন্দিলে মুখ্যমন্ত্ৰী সাহায্য নিধিলৈ দুহাজাৰ টকাৰ বৰঙণি আগবঢ়াইছিল।

শুকুৰবাৰে নতুন বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক হিচাপে শপত গ্ৰহণ কৰে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰটেম অধ্যক্ষ ফণী ভূষণ চৌধুৰীয়ে শপত গ্ৰহণ কৰোৱায়।

লগতে পঢ়ক জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱ মহন্তক মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব হিচাপে নিযুক্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply